Pressmeet:✒️ন্যায্যপ্ৰাপ্তিৰ দাবীৰে পহিলা ডিচেম্বৰৰ পৰা অনির্দিষ্টকালীন কর্মবিৰতি কৰি চচলত প্রতিবাদ অব্যাহত ৰখা সংবা ২০২৫ জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ চালক-কর্মচাৰীৰ প্ৰতিবাদে কালি ২০ টা দিন অতিক্রম কৰিলে। তৎসত্ত্বেও এই আন্দোলনৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই।
বৰঞ্চ ন্যায্যপ্ৰাপ্তিৰ দাবীত আন্দোলন কৰাৰ বাবে ইতিমধ্যে ৮৫০জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। চৰকাৰ তথা কর্তৃপক্ষৰ কঠোৰ পদক্ষেপক নস্যাৎ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চালক-কর্মচাৰীয়ে।
তাৰ মাজতে কালি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এক সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবী তোলে।
সন্থাৰ সভাপতি প্রাঞ্জল শর্মাই কয় যে অব্যাহত ৰখা আন্দোলনে ২০ দিন অতিক্ৰম কৰাৰ পাছতো এই দুৰ্ভগীয়া কৰ্মচাৰীসকলৰ প্রতি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ নিম্নতমো গুৰুত্ব নোহোৱাত তেওঁলোকে আচৰিত হৈছে।
তেওঁ কয়, ‘বহু বছৰ ধৰি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্রীসহ সংশ্লিষ্ট সকলো পক্ষক লিখিত-মৌখিকভাৱে সমস্যাসমূহ অৱগত কৰি অহা হৈছে যদিও কোনো ফলাফল অথবা কাৰ্যকৰী পদক্ষেপ গ্রহণ নকৰিলে। ১০৮ জৰুৰী সেৱাই আৰম্ভণিৰ দিনৰ পৰাই অসংখ্য আৰ্তজনক মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই আনিবলৈ এইসকল চালক-কর্মচাৰীয়ে যি বিশেষ ভূমিকা পালন কৰি আহিছে, তাৰ ব্যাখ্যা অতিকথন নহয়। বাহ্যিক ৰূপত আমি ৰাজ্যিক জৰুৰীকালীন বিভাগৰ কৰ্মচাৰী হ’লেও আজিলৈকে জৰুৰী সেৱাৰ প্ৰাপ্য মর্যাদা, অৰ্হতা, সুবিধা আৰু চাকৰিৰ নিশ্চয়তা একো এটাই নাপালো।’
আজিৰ সংবাদমেলৰ জৰিয়তে তেওঁ চাকৰি নিয়মীয়াকৰণ, মানসম্পন্ন মজুৰিৰ ব্যৱস্থা কৰা, ১২ ঘণ্টা কৰ্মৰ সময়সূচীৰ পৰিপূৰ্ণ অতিৰিক্ত মজুৰি দিয়া, বছৰি বোনাছৰ ব্যৱস্থা কৰা, টেণ্ডাৰত মজুৰিৰ স্তৰ স্পষ্ট উল্লেখ কৰাৰ লগতে আপোন ঘৰ, সেউজ ঘৰ, বেংকৰ ঋণ আদি চৰকাৰী আঁচনিত কৰ্মচাৰীসকলক অন্তর্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে। সংবাদমেলত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ হৈ প্ৰণৱ দলে, বিদিশা বর্মন আৰু সুব্রত তালুকদাৰ উপস্থিত থাকে।






























