SaudiArabia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ইৰান সমর্থনপুষ্ট য়েমেনৰ হুথি বিদ্রোহীৰ ধাৰাবাহিক আক্ৰমণত একপ্ৰকাৰ ছেদেলি-ভেদেলি হৈছে ছৌদি আৰৱৰ সু-সংগঠিত সেনাবাহিনী।
শেহতীয়াভাবে হুথিয়ে দেশখনৰ ৰাজধানী ৰিয়াধস্থিত কিং খালিদ আন্তর্জাতিক বিমানকোঠত এলানি ভয়াৱহ আক্রমণ সংঘটিত কৰিছে। যোৱা শনিবাৰে হুথি বাহিনীয়ে বিমানকোঠত কৰা আক্ৰমণত কমেও ১২জন লোকৰ প্ৰাণহানি ঘটাৰ উপৰি আন তিনি শতাধিক আহত হয়।
হুথিৰ এনে আক্ৰমণত শংকিত হৈ ৰিয়াধস্থিত বিভিন্ন দেশৰ দূতাবাসমূহে স্বদেশৰ নাগৰিকসকলক ৰিয়াধ বিমানকোঠত পদার্পণ নকৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ছৌদি আৰৱৰ সমৰ্থনপুষ্ট যেমনৰ চৰকাৰৰ স’তে হুথিৰ শান্তিচুক্তি ভংগ হয়। পাছত যোৱা মাহৰ পৰা বিদ্রোহীৰ ভয়ংকৰ উত্থান ঘটি বিধ্বংসী আক্রমণ সংঘটিত অব্যাহত ৰাখিছে। এনে অৱস্থাত ছৌদি আৰৱে হুথিৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰিবলগীয়া হৈছে।
ইতিমধ্যে হুথিয়ে যেমনৰ ক্ষমতাও দখল কৰিছে।আনহাতে, হুথিৰ বিদ্ৰোহীৰ ধাৰাবাহিক আক্ৰমণত ছৌদি সেনাৰ অৱস্থা একপ্ৰকাৰ তথৈবচ হৈছে। উল্লেখ্য যে ছৌদি আৰৱে যোৱা বছৰৰ বাজেটৰ প্ৰতিৰক্ষা শিতানত ভাৰতীয় মুদ্ৰাৰ হিচাপত সাতশ লাখ কোটিৰো অধিক অর্থাৎ ৭.৩৬ ত্রিলিয়ন টকা ধার্য কৰিছিল।
এনে বিপুল অংকৰ ধন ব্যয়ৰ জৰিয়তে সামৰিক শিতানত সর্বাধিক ধন ধার্য কৰা বিশ্বৰ অষ্টমখন দেশত ছৌদি আৰৱ পৰিণত হয়। তৎসত্ত্বেও হুথিৰ ধাৰাবাহিক আক্রমণত একপ্ৰকাৰ দিশহাৰা হৈছে ছৌদি বাহিনী। লক্ষ্যণীয় যে ছৌদি আৰবে শেহতীয়াভাৱে তুৰস্ক আৰু পাকিস্তানৰ স’তেও প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছে।
ইয়াৰ জৰিয়তে দুয়োখন দেশৰ পৰাও সামৰিক অস্ত্রাদি ছৌদি বাহিনীয়ে লাভকৰিছে। কিন্তু হুথিক ৰোধৰ এই সকলো আয়োজন ব্যর্থ হৈছে। অৱশ্যে যোৱা সপ্তাহত ছৌদি সামৰিক বাহিনীয়ে য়েমেনৰ হুথিৰ ঘাটিসমূহত এলানি আক্রমণ সংঘটিত কৰে। কিন্তু এই আক্রমণে বিশেষ ক্ষতি কৰিব নোৱাৰিলে বিদ্রোহীৰ।
ফলত কোব খোৱা সাপৰ দৰে আচৰণ কৰি বিদ্ৰোহীয়ে ড্র’ন, ক্ষেপণাস্ত্র আদিৰে ছৌদি আৰৱক আক্ৰমণ অব্যাহত ৰাখিছে। বিদ্রোহীয়ে ব্যৱহাৰ কৰা অস্ত্ৰসমূহৰ অন্যতম হৈছে বুৰকান আৰু বদৰ শ্ৰেণীৰ হ্ৰস্ৰ দূৰত্ব ভেদি এই ক্ষেপণাস্ত্র। এই ক্ষেপণাস্ত্রই ছৌদিৰ প্ৰতিৰক্ষা ব্যৱস্থা ব্যর্থ কৰিছে। উল্লেখ্য যে ৰিয়াধৰ আন্তর্জাতিক বিমানকোঠ হৈছে ছৌদি আৰৱৰ মূল বিমানকোঠ। এই বিমানকোঠে সম্প্ৰতি হুথিৰ আক্রমণত বিধ্বস্ত হৈছে।
লক্ষ্যণীয় যে ছৌদি আৰৱৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাত আমেৰিকান, ব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহে মূল ভূমিকা লৈছে।
এই কোম্পানীসমূহৰ পৰা দেশখনে এফ-১৫ যুদ্ধ বিমান, ইউৰোফাইটাৰ টাইফোন আদিও ক্ৰয় কৰি আহিছে। কিন্তু এনে অত্যাধুনিক যুদ্ধ বিমান তথা সমৰাস্ত্ৰ থকাৰ পাছতো ছৌদি প্ৰতিৰক্ষা বাহিনীয়ে দেশক ৰক্ষা কৰিব পৰা নাই। উল্লেখ্য যে ছৌদি আৰৱৰ ভৱিষ্যৎ দৃষ্টি ২০৩০ত ৰিয়াধৰ বিমানকোঠ মূল আছিল।
এই বিমানকোঠক বিশ্বৰে অন্যতম পর্যটন আকর্ষণস্থলীত পৰিণত কৰাৰ লক্ষ্যৰ কথা ঘোষণা কৰিছিল যুৱৰাজ মহম্মদ বিন ছলমানে। কিন্তু হুথি বাহিনীয়ে দেশখনৰ এই সপোন একপ্ৰকাৰ ছাৰখাৰ কৰিলে। একেদৰে দেশখনৰ মূল ভূমিকা পালন কৰি অহা তেল সৰবৰাহো বাধাগ্রস্ত কৰিছে হুথি বাহিনীয়ে।






























