WorldBank : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ ধনী দেশসমূহৰ সবাতোকৈ দৰিদ্ৰ ১০ শতাংশ মানুহৰ উপাৰ্জনো হেনো ভাৰতৰ শীর্ষ ১০ শতাংশ ধনী লোকতকৈ বেছি। এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে বিশ্ববেংকৰ ২০২৬ৰ ‘দাৰিদ্র্য আৰু অসাম্যৰ প্লেটফৰ্ম’ৰ এক তুলনামূলক সমীক্ষাত।
এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰাই এই পৰিসংখ্যা পোহৰলৈ আহিছে। প্রতিবেদন অনুসৰি, আমাৰ দেশৰ দৰিদ্ৰতম ১০ শতাংশ মানুহৰ দৈনিক আয় বা ব্যয়ৰ পৰিমাণ প্রতিজন ব্যক্তিয়ে প্রতি প্রায় তিনি ডলাৰ। আনহাতে, আমেৰিকাত এই আর্থিক আয় বা ব্যয়ৰ অংক ২৫ ডলাৰ, কানাডাত ৩১ ডলাৰ তথা জার্মানী আৰু অস্ট্রেলিয়াত ২৮ ডলাৰ।
প্রকাশিত পৰিসংখ্যাত আয়ৰ বিন্যাসৰ চিত্ৰখন স্পষ্টভাৱে তুলি ধৰা হৈছে। তাৰ পৰাই জনা গৈছে যে ভাৰতৰ শীৰ্ষ ১০ শতাংশ ধনী ব্যক্তিৰ সৰ্বোচ্চ দৈনিক আয় বা খৰচৰ পৰিমাণে প্রতি এজন ব্যক্তিৰ প্ৰায় ১০ ডলাৰ। আনহাতে, আমেৰিকাত ইয়াৰ পৰিমাণ ১৭৩ ডলাৰ, কানাডা আৰু অস্ট্রেলিয়াত ১২৯ ডলাৰ তথা জার্মানীত ১২৮ ডলাৰ।
অৰ্থাৎ পৰিসংখ্যাৰ পৰাই প্ৰমাণ হৈছে যে ভাৰতৰ সবাতোকৈ ধনী পৰিয়ালসমূহৰ জীৱনযাত্ৰাৰ মানো উন্নত দেশৰ দৰিদ্ৰসকলৰ তুলনাত কম। ‘ফাউণ্ডেচন ফৰ ইক’নমিক ডেভেল’পমেন্ট’ৰ প্র’গ্রেম এছ’চিয়েট অহনা দাসগুপ্তই জনাইছে যে এয়া কেৱল দাৰিদ্র্য নহয়, বৰঞ্চ ভাৰতৰ অৰ্থনীতিজুৰি সামগ্রিক নিম্ন আয়ৰ গভীৰ সমস্যাৰ দিশলৈকে ইংগিত কৰে।
দেশত দৈনিক ১০ ডলাৰৰ সমপৰিমাণ অর্থ ব্যয় কৰিলে এজন ব্যক্তিক ধনী বুলি গণ্য কৰা হয়। অথচ ধনী দেশত সেইজন ব্যক্তিকেই দৰিদ্ৰৰ তালিকাত অন্তর্ভুক্ত কৰা হয়।
একাংশ বিশেষজ্ঞৰ মতে, কেবল ধন বৈষম্য হ্রাসেই যথেষ্ট নহয়। দেশৰ স্থায়ী সমৃদ্ধিৰ বাবে সামগ্রিকভাবে জনসংখ্যাৰ আয় আৰু উৎপাদনশীলতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ বাবে সহজে ব্যৱসায় কৰাৰ সুযোগ সৃষ্টি, কৰৰ গাঁথনিক যুক্তিসংগত কৰা আৰু অপ্রয়োজনীয় আইনী জটিলতা হ্রাস কৰাটো জৰুৰী, যাতে নতুন উদ্ভাৱন আৰু কৰ্মসংস্থানৰ সৃষ্টি হ’ব পাৰে।






























