FighterCombatLeader : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পিতৃৰ ইচ্ছা আছিল পাইলট হোৱাৰ, কিন্তু সেই সপোন পূৰণ নহ’ল। দেউতাকে নোৱাৰিলেও ইতিহাস ৰচিলে কন্যাই। ভাৰতীয় বায়ুসেনাৰ ইতিহাসত সংযোজিত হ’ল এক নতুন অধ্যায়। দেশৰ প্ৰথমগৰাকী মহিলা হিচাপে বায়ুসেনাৰ ফাইটাৰ কম্বেট লিডাৰ (FCL) হ’ল বিহাৰৰ ভাবনা কান্ত। বায়ুসেনাৰ স্কোয়াড্ৰন লিডাৰ ভাবনাৰ এই সাফল্যত আনন্দিত দৰভংগা জিলাৰ বাউৰ গাঁও।
যোৱা আগষ্ট মাহত গোৱালিয়ৰৰ টেকটিকছ এণ্ড এয়াৰ কম্বেট ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (TACDE)-ত ২০ সপ্তাহৰ কঠোৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰে ভাবনাই। বায়ুসেনাৰ এই অভিজাত প্ৰশিক্ষণ কাৰ্যসূচীত মাত্ৰ ১ শতাংশ ফাইটাৰ পাইলটে অংশগ্ৰহণৰ সুযোগ লাভ কৰে।
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এই প্ৰশিক্ষণ আমেৰিকাৰ নৌসেনাৰ ‘টপগান’ প্ৰশিক্ষণৰ সমতুল্য। বায়ুসেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে এফচিএল প্ৰশিক্ষণত উত্তীৰ্ণ হোৱাৰ অৰ্থ কেৱল যুদ্ধবিমান উৰুৱাব পৰা নহয়। ইয়াৰ জৰিয়তে উন্নত যুদ্ধকৌশল আৰু নেতৃত্ব দিয়াৰ দক্ষতাৰ স্বীকৃতি লাভ কৰা হয়।
এই প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰিব পৰাৰ অৰ্থ হ’ল ভৱিষ্যতে এই পাইলটসকলক দেশৰ যিকোনো জটিল আৰু গুৰুত্বপূৰ্ণ আকাশী যুদ্ধত নেতৃত্ব দিবলৈ সক্ষম বুলি গণ্য কৰা হয়।
এই বৃহৎ সাফল্যৰ পিছত এটা সাক্ষাৎকাৰত ভাবনাই কয়, “সৰুৰে পৰা আকাশত উৰাৰ সপোন আছিল মোৰ। আকাশত জেট বিমান দেখিলে তাৰ পিছত দৌৰিছিলোঁ। ছোৱালীয়ে পাইলট হ’ব নোৱাৰে বুলি মই জনাই নাছিলোঁ। সেয়েহে মোৰ এনে লাগিছিল যে মই যদি সেনাবাহিনীত যোগদান কৰোঁ, তেন্তে বিমান উৰুৱাব পাৰিম।”
অৱশ্যে, একাডেমীত যোগদান কৰাৰ পাছত তেওঁ জানিব পাৰে যে মহিলাসকলক বায়ুসেনাৰ ফাইটাৰ শাখাত অন্তৰ্ভুক্ত কৰা নহয়। কিন্তু ভাবনাই হাৰ মনা নাছিল। ২০১৬ চনত সেই নিয়মত যুগান্তকাৰী পৰিৱৰ্তন অনা হয়। সেই বছৰতে এই সুযোগ লাভ কৰে ভাবনাই। অবনী চতুৰ্বেদী আৰু মোহনা সিঙৰ স’তে তৃতীয়গৰাকী ফাইটাৰ পাইলট হিচাপে বায়ুসেনাত যোগদান কৰে তেওঁ।
এটাৰ পাছত আনটো কঠিন বাধা অতিক্ৰম কৰি অৱশেষত বায়ুসেনাৰ ফাইটাৰ কম্বেট লিডাৰ হোৱাৰ যোগ্যতা অৰ্জন কৰে ভাবনাই।
উল্লেখ্য যে অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰি টিচিএছৰ চাকৰি এৰি এএফকেট পৰীক্ষাত অৱতীৰ্ণ হৈ বায়ুসেনাত যোগদান কৰিছিল ভাবনাই। ২০১৮ চনত আম্বালাৰ পৰা মিগ-২১ বাইছন যুদ্ধবিমানত প্ৰথমবাৰৰ বাবে একক উৰণ সম্পন্ন কৰে তেওঁ।
২০১৯ চনত দিনৰ ভাগত কম্বেট মিছনৰ বাবে অনুমোদন লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় ভাবনা। ২০২০ চনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে তেওঁ। বৰ্তমান তেওঁ ফ্ৰণ্টলাইন যুদ্ধবিমান ছুখয়-৩০ উৰুৱাই আছে। তেওঁৰ এই কৃতিত্বৰ বাবে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বেল এ পি সিঙে তেওঁক বিশেষভাৱে সন্মানিত কৰিছে।




































