GuinnessWorldRecords : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্বকনিষ্ঠ লেখকৰ খিতাপ অৰ্জন কৰিছে আমেৰিকান নিবাসী এটি চাৰি বছৰীয়া শিশুৱে। অডভয় জৈন নামৰ শিশুটিৰ গ্ৰন্থ মাথোঁ তিনি বছৰ বয়সতে প্রকাশ পায়।
তেওঁৰ এই গ্ৰন্থৰ নাম হৈছে ‘ডিনো লার্ণছ ন’ট টু বেষ্ট ফুড’ (ডিনোরে খাদ্য নষ্ট নকৰিবলৈ শিকিলে)। শিশুটিয়ে প্ৰদৰ্শন কৰা এই বিস্ময়কৰ প্ৰতিভাই নিউয়র্কস্থিত ভাৰতীয় কনছুল জেনেৰেলকো অভিভূত কৰিছে।
এই বিৰল খিতাপ অৰ্জনৰ বাবে অডভয়লৈ কনছুল জেনেৰেল বিনয়া শ্রীকান্ত প্রধানে শুভেচ্ছা জনাইছে। এই কথা কনছুল জেনেৰেলে সামাজিক মাধ্যমতো প্রকাশ কৰিছে। মাত্র তিনি বছৰ বয়সতে গ্রন্থ প্ৰকাশ কৰাৰ বাবে তেওঁ অডভয় বিশ্বৰে সৰ্বকনিষ্ঠ লেখকৰূপে গীণিজ বুকতো স্থান লাভকৰিছে।
ইয়াকে লৈ শুভেচ্ছা জনাই ভাৰতীয় কনছুল জেনেৰেল কয়, ‘অডভয়ে তেওঁৰ গ্ৰন্থৰ জৰিয়তে কম বয়সীয়া পঢ়ুৱৈসকলক খাদ্যক মূল্য প্রদান আৰু খাদ্য নষ্ট কৰাৰ পৰা বিৰত থকাৰ গুৰুত্বক বুজি পাবলৈ অনুপ্রাণিত কৰিছে। আমি তেওঁলৈ উষ্ণ শুভেচ্ছা জ্ঞাপন কৰিলো।’
উল্লেখ্য যে ২০২২ৰ ২৩ এপ্ৰিলত নিউজার্হিত অডভয়ৰ জন্ম হয়। তেওঁৰ ১২ বছৰীয়া জ্যেষ্ঠ ভগ্নী অভয়াও লেখিকা আৰু চিত্ৰকৰ। নিজস্ব সৃষ্টিশীলতাৰ জৰিয়তে দুয়োরে অজস্র শিশুক অনুপ্রাণিত কৰি আহিছে।





























