Kamrup Metropolitan Administration:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ ডেৰটা মাহ । যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব নিৰ্বাচন আয়োগে ৷ এনেক্ষেত্ৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কামৰূপ মহানগৰ জিলা আয়ুক্তই অস্ত্র-শস্ত্র আইন, ১৯৫৯ অনুসৰি জাৰি কৰিছে এক বিশেষ নির্দেশনা ৷
ADVERTISEMENT
শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা খনৰ অস্ত্র-শস্ত্রৰ বৈধ অনুজ্ঞাপত্রধাৰী সকলে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ অস্ত্র-শস্ত্র জমা দিব লাগিব জিলা প্ৰশাসনৰ কাৰ্যালয়ত ৷ অন্যৰ্থাই অনুজ্ঞাপত্ৰধাৰীৰ বিৰুদ্ধে লোৱা বিহিত ব্যৱস্থা লোৱাৰ কথা নিৰ্দেশনাত উল্লেখ কৰিছে জিলা আয়ুক্তই ।




































