kampa bargoyari:
বিগত বিটিচি নির্বাচনত বিধ্বস্ত হোৱা ইউপিপিএলত মোক্ষম আঘাত হানি বিধানসভা নিৰ্বাচনৰ প্রাকক্ষণত দল ত্যাগ কৰিলে দুজনকৈ জ্যেষ্ঠ নেতাই। এই দুই নেতা হ’ল দলৰ চিৰাংদুৱাৰ সমষ্টিৰ পাৰিষদ তথা বিটিচি পৰিষদৰ বিৰোধী দলপতি খাম্পা বৰগয়াৰী আৰু কেন্দ্ৰীয় সম্পাদক আফজল খান।
এসময়ত বিপিএফৰ মুৰব্বী হাগ্ৰামীৰ সোঁহাত স্বৰূপ বৰগয়াৰীৰে সদ্য বিটিচিৰ সদ্য প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰমোদ গগৈৰ কাৰ্যকালত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল। কিন্ত শেহতীয়াকৈ ইপিপিএলৰ প্ৰতি মোহভংগ হৈ পুনৰ ‘ঘৰ ৱাপচী ‘ কৰিবলৈ সাজু হয় খাম্পাই ৷ দেওবাৰে খাম্ফাই ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। তেওঁ পদত্যাগ পত্র সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি খাম্ফাই চিৰাঙৰ কাজলগাঁৱত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিপিএফত ৷ দলত্যাগৰ বাবে একাংশই তেওঁক সুবিধাবাদী নেতা বুলিও সমালোচনা কৰিছে।
আনহাতে আন এক খবৰ মতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান ইপিপিএলৰ জ্যেষ্ঠ নেতা চন্দন ব্ৰক্ষ্মও বিপিএফত যোগদানৰ বাবে সাজু হৈছে ৷ বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ পৰা সেউজ সংকেত পালেই যিকোনো সময়ত ‘ঘৰ ৱাপচী’ হ’ব এসময়ৰ বিপিএফৰ শীৰ্ষ নেতাজনে ৷






























