Chirang:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে বিটিচিত ৷ বিপিএফৰ মাৰাথান বজাৰত একপ্ৰকাৰ দিশহাৰা হৈছে ইউপিপিএল। বিপিএফৰ জনপ্ৰিয়তা দেখি ইজনৰ পিছত সিজনকৈ ইউপিপিএল- বিজেপি নেতাৰ ইতিমধ্যে বিপিএফ মুখী হৈছে ৷
পুনৰ বিপিএফলৈ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰী। ইউপিপিএলৰ নেতা বসুমতাৰীয়ে বৃহস্পতিবাৰে ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
উল্লেখ্য যে ছাইখং বসুমতাৰী পূৰ্বতে বিপিএফ দলৰ পৰা পাৰিষদ হৈছিল যদিও ইউপিপিএল শাসনত থকাৰ সময়ত পিছত বিপিএফ দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল। ইউপিপিএল দলত যোগদান কৰি বিটিচিৰ ইএম হৈছিল। অৱশেষত বৃহস্পতিবাৰে ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহে।

চিৰাং জিলা সদৰ কাজলগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগৈয়াৰীৰ উপস্থিতিত সন্ধিয়া অনুষ্ঠিত সভাত ছাইখং বসুমতাৰীৰ উপৰিও সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাক্তন পাৰিষদ তথা বৰ্তমানৰ বিজনী বিধান সভাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ লগতে বহু কেই গৰাকী নেতাও বিপিএফত যোগদান কৰে। ভাষণ প্ৰসংগত বসুমতাৰীয়ে কয়,বিপিএফ দলত যোগদান কৰি বিজেপি নেতা প্ৰভাত বসুমতাৰীয়ে কয় আমি সৰু মানুহ বিজেপিৰ দৰে ডাঙৰ দলত আমি তিষ্টি থাকিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয় বাবে মই বিপিএফ দললৈ ঘুৰি আহিলো । মই বিজনী সমষ্টিত বিজেপিয়ে বাহিৰৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষোভিত হৈ বিজেপিৰ পৰা পদত্যাগ কৰি বিজনী সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদন্দ্বিতা কৰে যদিও কোনো প্ৰচাৰ কৰা নাই বুলি কয় প্ৰভাত বসুমতাৰীয়ে।
আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত চিৰাং জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰীয়ে কয়, ইউপিপিএল দল নিশেষ হ’বলৈ বেছি দেৰি নাই ইতিমধ্যে ৮০ শতাংশ বিএফত যোগদান কৰিলে আৰু ২০ শতাংশ হে বাকী আছে বুলি উল্লেখ কৰি কয় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ অনুসৰি পূৰ্বৰ সকলো কথা পাহৰি সকলোকে আকোৱালি লোৱাৰ নিৰ্দেশ দিছে আৰু সেয়ে আমি সকলোকে বিপিএফ দলত আকোৱালি লৈছো । অনুষ্ঠানত চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীয়ে কয় যে নীতি আদৰ্শ নথকা দল ইউপিপিএল দল নিশেষ হ’বলৈ আৰু বেছি সময় নাই। দলত্যাগ কৰি সকলো লোক বিপিএফ দললৈ আহি আছে বিপিএফৰ নীতি আদৰ্শ সকলোৱে পছন্দ কৰিছে বুলি কয় ।
যোগদানৰ সময়ত চন্দন ব্ৰহ্ম, খাম্পা বৰগয়াৰী, পাৰিষদ শুকুৰসিং মুছাহাৰী, বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, জিলা বিপিএফৰ সভাপতি পাৰিষদ জেমচ বসুমতাৰী সহ কেন্দ্ৰীয় আৰু জিলা বিপিএফৰ নেতৃত্ব উপস্থিত থাকে।






























