US dollar:✒️অধিক বিপৰ্যয়ৰ দিশে গতি কৰিছে দেশৰ অৰ্থনীতিয়ে। ইয়াৰ আভাস স্পষ্ট কৰি শুকুৰবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ অৱনমনে সর্বকালৰ অভিলেখ ভংগ কৰে।
কালি সন্ধিয়ালৈ এক মার্কিন ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত মুদ্রাত ৯৪.২৩ টকা হয়। কোৱা বাহুল্য যে ইয়াৰ পূর্বে কোনো কালে ভাৰতীয় টকাৰ মূল্য এনে অৱনমন ঘটা নাছিল।
টকাৰ মূল্যৰ এনে ভয়ংকৰ অৱনমনে দেশ ভয়ংকৰ মূল্যবৃদ্ধিৰ কৱলত পৰাৰ আশংকা প্রকট কৰিছে। একাংশ অর্থনীতিবিদে আশংকা কৰিছে যে নিত্য প্রয়োজনীয় সামগ্ৰীৰ পৰা বিভিন্ন বয়-বস্তুৰ মূল্য ব্যাপক হাৰত বৃদ্ধি হ’ব পাৰে।
ইতিমধ্যে শুকুৰবাৰে প্রিমিয়াম পেট্ৰ’লৰ মূল্য দেশৰ তৈল বিপণন প্রতিষ্ঠানসমূহে লিটাৰত ২.৩৫ টকা আৰু ঔদ্যোগিক ডিজেলৰ মূল্য ২৫ শতাংশ অৰ্থাৎ লিটাৰত ২১.৯২ টকাকৈ বৃদ্ধি কৰিছে।
দেশৰ অৰ্থনীতি এনেদৰে সংকটৰ দিশলৈ গতি কৰাৰ কাৰণৰূপে মধ্য প্রাচ্যৰ চলিত যুদ্ধ, আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু মার্কিন ডলাৰ শক্তিশালী হ’বলৈ ধৰাটোক চিহ্নিত কৰিছে অর্থনীতিবিদসকলে।
এনে অৱস্থাতে একাংশ অর্থনীতিবিদে আঙুলিয়াই দিছে যে ঔদ্যোগিক ডিজেলৰ মূল্য বৃদ্ধি পোৱাত কল- কাৰখানাসমূহৰ উৎপাদনী ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়ে বিভিন্ন বয়-বস্তুৰ মূল্য বৃদ্ধিত অৰিহণা যোগাব।
ভাৰতীয় অর্থনীতিৰ বাবে উদ্বিগ্নতা সৃষ্টি কৰা আন এক কাৰক হৈছে দেশৰ পৰা বিদেশী পুঁজিৰ ব্যাপক হাৰত বহির্গমন। চলিত মাহতে দেশৰ পৰা ৮১,২৬২.৫ কোটি টকাৰ বিদেশী পুঁজি ওলাই যায়।






























