ইৰাণৰ শক্তিশালী সামৰিক সংস্থা ইছলামিক বিপ্লৱী গাৰ্ড কৰ্পছ(Islamic Revolutionary Guard Corps (IRGC)ৰ চোৰাংচোৱা শাখাৰ প্ৰধান মাজিদ খাদেমী(Majid Khademi)নিহত হোৱা বুলি ইৰাণে নিশ্চিত কৰিছে।
ইৰাণৰ ৰাষ্ট্ৰীয় মাধ্যম আৰু সামৰিক সূত্ৰে জনোৱা মতে, সোমবাৰে সংঘটিত এক আক্রমণত খাডেমীৰ মৃত্যু হয়। যদিও প্ৰথম অৱস্থাত মৃত্যুৰ সঠিক পৰিস্থিতি স্পষ্ট কৰা হোৱা নাছিল, পৰৱৰ্তী প্ৰতিবেদনত এইটো এক বায়ু আক্ৰমণৰ ফল বুলি উল্লেখ কৰা হৈছে।
বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি, আমেৰিকা আৰু ইজৰাইলৰ যৌথ বায়ু আক্ৰমণত তেহৰান আৰু তাৰ আশ-পাশত একাধিক লক্ষ্যবস্তুত আঘাত হানা হৈছিল, যাৰ ভিতৰতেই খাডেমী নিহত হয় বুলি সন্দেহ কৰা হৈছে।
ইৰাণৰ ফালৰ পৰা এই ঘটনাক “শত্ৰুপক্ষৰ সন্ত্রাসী আক্রমণ” বুলি বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ বাবে আমেৰিকা আৰু ইজৰাইলক দায়ী কৰা হৈছে।
উল্লেখযোগ্য যে, মাজিদ খাদেমী(Majid Khademi)আছিল IRGC-ৰ চোৰাংচোৱা সংগঠনৰ শীৰ্ষ পদবীৰ অধিকাৰী আৰু দেশখনৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ ২০২৫ চনত এই দায়িত্ব গ্ৰহণ কৰিছিল।
এই হত্যাকাণ্ডে ইতিমধ্যে পশ্চিম এছিয়াত চলি থকা সংঘাতক আৰু অধিক তীব্ৰ কৰি তুলিছে।






























