Sri Nagar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক দুজন মাৰ্কিন নাগৰিকক ৷ বিমান বন্দৰৰ নিয়মীয়া নিৰাপত্তাজনিত তালাচীত আটক হয় দুই মাৰ্কিন নাগৰিক। তেওঁলোকৰ পৰা গাৰ্মিন কোম্পানীৰ দ্বাৰা নির্মিত এটা চেটেলাইট ফোন উদ্ধাৰ কৰা হয় ।
ধৃত আমেৰিকান নাগৰিকসকলৰ ভিতৰত এজনক মন্টানা চহৰৰ বাসিন্দা জেফ্ৰি স্কট বুলি চিনাক্ত কৰা হৈছে। যাত্ৰী দুজনৰ নিৰাপত্তা পৰীক্ষা চলি থকাৰ সময়তে তেওঁলোকৰ লাগেজত এটা চেটেলাইট ফোন উদ্ধাৰ হোৱাত নিৰাপত্তাৰক্ষী বিষয়াই দুয়োকে সোধপোছ কৰোতে কোনো সন্তোষজনক উত্তৰ লাভ নকৰাত আটক কৰা হয়। তেওঁলোকে নিষিদ্ধ চেটেলাইট ফোনটো ক’ৰ পৰা লাভ কৰিছিল আৰু কি কামত ব্যৱহাৰ কৰিছিল সেই বিষয়ে অধিক তথ্যৰ বাবে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷






























