SupremeCourt :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উপযুক্ত ধৰণে এনটিএ গঠন নকৰাকৈয়ে নীট, নেট আদিৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সংস্থাটোক দায়িত্ব প্রদান কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে। স্বয়ং উচ্চতম ন্যায়ালয়ৰ মজিয়াত কালি এনে তথ্য ফাদিল হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত সম্প্রতি তুমুল বিতৰ্কৰ আৱৰ্তত থকা সংস্থাটোক প্রতিষ্ঠা কালৰে পৰা সুকলমে দেশৰ সামৰিক আৰু অসামৰিক শীর্ষ বিষয়াবর্গ বাছনি কৰি অহা কেন্দ্রীয় লোকসেৱা আয়োগ (ইউপিএছচি) ৰ লেখীয়া হোৱাটো বিচাৰিছে উচ্চতম ন্যায়ালয়ে।
নিষ্কলংক ভাবমূৰ্তিৰ অধিকাৰী ইউপিএছচিৰ দৰে এনটিএক গঢ়ি তোলাৰ পোষকতা কৰি মঙলবাৰে কেন্দ্রীয় চৰকাৰলৈ ন্যায়ালয়ে জাননী জাৰি কৰে। উচ্চতম ন্যায়ালয়ে কয়, ‘ইউপিএছচিলৈ চাওক। কোনো ধৰণৰ সমস্যা নোহোৱাকৈ এই পৰীক্ষা পৰিচালিত হৈছে। ইউপিএছচিয়ে যিদৰে পৰীক্ষা ব্যৱস্থা পৰিচালনা কৰে, সেইদৰেই নেচনেল টেষ্টিং এজেন্সী (এনটিএ) ক অধিক দক্ষ আৰু আধুনিক ব্যৱস্থাৰে গঢ়ি তুলিব লাগিব।’
উল্লেখ্য যে পৰীক্ষাকেন্দ্রিক বিতৰ্কত সাঙোৰ খাই থকা এনটিএৰ উন্নয়নৰ বাবে কেন্দ্ৰই দুখনকৈ বিশেষজ্ঞ সমিতি গঠন কৰিছে। ইয়াৰে এখন ২০২৪ত নীটি-ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত ইছৰ’ৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত আৰু এখন অলপতে ইনফ’ছিছৰ সহ প্রতিষ্ঠাপক নন্দন নিলেকানিৰ নেতৃত্বত গঠন কৰে।
এই সমিতি দুখনে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰই এনটিএৰ সংস্কাৰৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিছে সেয়া জনাবলৈ কালি ন্যায়ালয়ে কেন্দ্রলৈ জাননী জাৰি কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত এনটিএৰ গাঁথনিগত সংস্কাৰ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় দুটাকৈ চিকিৎসক সংগঠন।
সংস্থা দুটাৰ আবেদনৰ শুনানি গ্রহণ কৰি মঙলবাৰে ন্যায়াধীশ পিএছ নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাধেৰ এখন বিচাৰপীঠে কয়, ‘আমি কেৱল এটা বিশেষ পৰীক্ষাৰ কথা কোৱা নাই। এনটিএক ইউপিএছচিৰ দৰে বিজ্ঞানসম্মত আৰু নিবেদিত সংস্থাৰূপে গঢ়ি তোলাৰ পোষকতা কৰিছো।’
ৰাধাকৃষ্ণণ আৰু নিলেকানি সমিতিৰ পৰামৰ্শৰ ভিত্তিত কি ব্যৱস্থা গ্রহণ কৰিছে সেই কথা শপতনামাযোগে জনাবলৈ নিৰ্দেশ জাৰি কৰি এই আবেদনৰ শুনানি অহা তিনি সপ্তাহৰ পাছত গ্ৰহণৰ সিদ্ধান্ত লয় বিচাৰপীঠখনে। ইয়াৰ পূৰ্বে কেন্দ্ৰৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই নীট-ইউজিৰ পৰীক্ষা পানী নসৰকা কৰাৰ ব্যৱস্থা গ্রহণ কৰা বুলি জনায়।
ইয়াৰ উদাহৰণস্বৰূপে তেওঁ প্ৰশ্নকাকত পৰিবহণৰ সময়ত জিপিএছ ব্যৱহাৰ আদিৰ কথা উল্লেখ কৰে। মেহতাৰ এই ভাষ্য শুনাৰ পাছত ন্যায়াধীশ নৰসিংহই কয়, ‘এনেবোৰ ব্যৱস্থা ৰাধাকৃষ্ণণ সমিতিৰ গণ্ডিত আছে। আমি ক’বলৈ বিচৰাটো হ’ল কেৱল এটা পৰীক্ষাই নহয়, এনটিএৰ গোটেই ব্যৱস্থাটোৱে সুৰক্ষিত হ’ব লাগে। পৰীক্ষা পৰিচালনাৰ এক গোপন ব্যৱস্থা আৰু এক যথোপযুক্ত প্রতিষ্ঠাপনীক গাঁথনিৰ কথা।’
ৰাধাকৃষ্ণণ সমিতিয়ে এনে ধৰণৰ পৰামৰ্শ আগবঢ়োৱা বুলিও ন্যায়ালয়ে মন্তব্য কৰে। ন্যায়ালয়ে লগতে এনটিএৰ এটা সুকীয়া ডিজিটেল আন্তঃগাঁথনিৰ ব্যৱস্থা আছে নে নাই সেই কথাও জানিবলৈ বিচাৰে। তেতিয়া ছলিচিটৰ জেনেৰেল মেহতাই ন্যায়ালয়ক অৱগত কৰে যে কেন্দ্রই এনটিএৰ এনে বিভাগৰ বাবে বিষয়া নিযুক্তিৰ প্ৰক্ৰিয়া হাতত লৈছে।






























