ArtificialFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কৃত্রিম বানৰ ভয়াৱহ ৰূপৰ বুধবাৰে পুনৰবাৰ সাক্ষী হ’ল সমগ্র গুৱাহাটী। মঙলবাৰে নিশাৰ পৰা কালি পুৱালৈ ৰৈ ৰৈ অহা কে’বাজাকো বৰষুণত মহানগৰখনৰ চৌদিশে নাজল-নাথল পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ফলত বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হয়।
উদ্বেগৰ বিষয়টো হ’ল যে কৃত্রিম বান সৃষ্টিৰ ১২ ঘণ্টা পাৰ হোৱাৰ পাছতো বহু অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হৈ নুঠিল। নিশা এই প্রতিবেদন যুগুতোৱাৰ সময়তে মহানগৰীখনৰ কে’বাটাও অঞ্চল একাঁঠু পর্যন্ত বুৰ গৈ আছে। কে’বাটাও মূল পথ পানীত বুৰ গৈ আছে।
এই পৰিস্থিতিত কালি দিনজুৰি গুৱাহাটীৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হয়। এতিয়াও পানীত বুৰ গৈ আছে অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীনগৰ, সাউকুছি, সাতগাঁও, বৃহত্তৰ হাতীগাঁৱৰ বহু পৰিয়ালৰ ঘৰৰ মজিয়া।
বুধবাৰে বিয়লিলৈকে অনিল নগৰ আৰু ৰুক্মিণীগাঁৱত বানত আৱদ্ধ লোকক এছডিআৰএফে ৰবৰৰ নাঁৱৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। বৰষুণৰ ফলতে অসম ৰাজ্যিক চিৰিয়াখনাৰ এখন বৃহত্তৰ সুৰক্ষাৰ বেৰো আজি ভাঙি পৰে। ইয়াৰ ফলত এটা পৰিয়ালৰ বাসগৃহ কথমপি ৰক্ষা পৰে।
পানীৰ প্রকোপ পথত অব্যাহত থকাত বহু ছাত্র-ছাত্রী আজি শিক্ষানুষ্ঠানত উপস্থিত হ’ব নোৱাৰিলে। বানৰ প্রকোপৰ মাজতে আকৌ হাতীগাঁৱৰ মূল পথত জলব’ৰ্ডৰ এডাল নলী ফাটি গৈ আন এক দুর্দশাগ্রস্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
গুৱাহাটীত এজাক বৰষুণ হ’লেই কৃত্রিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰাটো এক স্বাভাৱিক ঘটনাত যেন পৰিণত হৈছে। নলা আছে যদিও পানী বহনৰ সক্ষমতা বেছিভাগেই হেৰুৱাই পেলাইছে। বৰষুণৰ বতৰত পানী নথকা অৱস্থাত নলাবোৰ পৰিষ্কাৰ কৰাৰো কোনো উদ্যোগ গুৱাহাটী পৌৰ নিগমৰ নাই।
ফলস্বৰূপে নিগমৰ নলাবোৰৰ অৱস্থা অধিক তথৈবত হৈ পৰিছে। সমান্তৰালভাৱে লোক নির্মাণ বিভাগৰ নলাবোৰৰ প্ৰকৃততে কাম কি তাকে লৈয়ো ৰাইজৰ মাজত প্রশ্ন উত্থাপিত হৈছে। কাৰণ বহু নলাৰে পানী ওলাই যোৱাৰ পৰিৱৰ্তে উজাই অহাৰ ঘটনাহে ঘটিছে। আৱৰ্জনাৰেও উপচি পৰিছে অধিকাংশ নলা।
অৱশ্যে নলাবোৰ জাবৰেৰে ভৰ্তি কৰাত একাংশ অসচেতন ৰাইজৰ ভূমিকাও আছে। নলাবোৰক ডাষ্টবিনলৈ পর্যবসিত কৰাৰ ফলত বানৰ প্ৰকোপ ঠায়ে ঠায়ে বৃদ্ধি হৈছে। উপর্যুপৰি হোৱা বানক লৈ তীব্র ক্ষোভ প্রকাশ কৰি ৰুক্মিণীগাঁৱৰ বাসিন্দা প্ৰণৱ ডেকাই কয় যে চৰকাৰে বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিৰ দৰে গুৱাহাটীক সজাই তোলাৰ কাম কৰিছে আৰু আনফালে সাধাৰণ নাগৰিকক পুতিগন্ধময় অৱস্থালৈ ঠেলি দিছে।
উপর্যুপৰি বানত আক্রান্ত ৰাইজৰ দুৰ্দশা কেৱল চমক দিয়াত ব্যস্ত চৰকাৰে অনুধাৱনেই কৰিবই নোৱাৰে। ডেকাই লগতে কয়, ‘চৰকাৰৰ দৃষ্টিত আমি যেন তৃতীয় শ্ৰেণীৰ নাগৰিকহে। আমাৰ কোনো মূল্য নাই। আমাৰ নাগৰিক হোৱাৰ যেন কোনো অধিকাৰেই নাই।’































