CockroachJanataParty :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুনৰ ককৰোচ জনতা পার্টি (চিজেপি)ৰ সমর্থনত থিয় দিলে জনপ্রিয় অভিনেতা প্রকাশ ৰাজে। বিগত স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা ‘ডিমাগী নক্সাল’ক কটাক্ষ কৰি চিজেপিৰ সমৰ্থনত ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’ ধ্বনি দিছে জনপ্রিয় অভিনেতাজনে।
এই ধ্বনি দি তেওঁ (চিজেপি)ৰ চৰকাৰী স্কুল ঠিক কৰক অভিযানলৈ সমর্থন ঘোষণা কৰিছে। উল্লেখ্য যে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দিপকেৰ জন্মগাঁও লিম্বালা (মহাৰাষ্ট্ৰ) ৰ স্কুলৰ অধ্যক্ষজনে অলপতে সুৰাপান কৰি কৰ্মস্থলীত উপস্থিত হোৱাক লৈ দিপকে সৰব হৈ উঠে।
অধ্যক্ষজনক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী উত্থাপন কৰে চিজেপিৰ প্ৰতিষ্ঠাপকজনে। এই দাবীত সেও হৈ কর্তৃপক্ষই অধ্যক্ষক নিলম্বন কৰে। ইয়াক এক বিজয়ৰূপে সংগঠনটোৱে গ্ৰহণ কৰিছে।
এনে অৱস্থাতে সংগঠনটোলৈ পুনৰ সমৰ্থন ঘোষণা কৰি অভিনেতা প্রকাশ ৰাজে কয়, ‘প্রথমটো বৃহৎ সফলতাৰ বাবে মই ককৰোচক ধন্যবাদ জনাইছো। ডিমাগী বনো, অন্ধ ভক্ত নেহী (প্রশ্ন সোধা, অন্ধভক্ত নহ’বা)।’
উল্লেখ্য যে দেশৰ বিধ্বস্ত ৰাজহুৱা খণ্ডৰ স্কুল শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ বাবেও শেহতীয়াভাৱে দিপকেই ধ্বনি দিবলৈ লৈছে। আনকি প্ৰতিষ্ঠাৰ সময়ৰে পৰা বিতৰ্কত থকা পিএম কেয়াছ ফাণ্ডৰ ধন চৰকাৰী স্কুলসমূহৰ উন্নয়নৰ বাবে ব্যয় কৰিবলৈও চিজেপিয়ে দাবী উত্থাপন কৰিছে।
কেৱল সেয়াই নহয়, মন্ত্ৰী-আমোলাৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সন্তানক চৰকাৰী স্কুলত পঢ়ুওৱাটো বাধ্যতামূলক কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰিবলৈ লৈছে। এই ক্ষেত্রতো বহুতৰে সমৰ্থন লাভ কৰিছে চিজেপিয়ে। অভিনেতা প্রকাশ ৰাজে গঠনৰ সময়ৰ পৰাই চিজেপিক সমৰ্থন কৰি আহিছে।































