Dhemaji :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধেমাজিৰ সংমণ্ডল জলসম্পদ বিভাগে বছৰি কোটি কোটি টকাৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও ধেমাজি জিলাৰ চকুলো জীয়াধল কুমতীয়া নদী নিয়ন্ত্রণত চূড়ান্ত ব্যর্থতা হৈছে জলসম্পদ বিভাগ।
উক্ত বিভাগৰ অধীনৰ কুমতীয়া দলঙৰ সমীপত আৰু ৰেলৰে দলঙৰ মাজৰ সোঁপাৰৰ বৰদলনি ফালৰ গাইড বান্ধটো ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। যাৰ ফলত যিকোনো মুহূর্ততে জীয়াধল পানীয়ে উক্ত গাইডটো উটুৱাই নিলে ২০০৭ৰ দৰে ভয়ংকৰ বানপানীৰ কবলত পৰিব সমগ্র বৰদলনি মৌজাৰ ৩২ খনকৈ গাঁও।
উল্লেখ্য যে জীয়াধল কুমতীয়া নদীৰ পৰা মাটি অনা টেক্টৰ, ডাম্পাৰৰ বোৰ জধেমধে চলাই উক্ত গাইড বান্ধটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে আৰু উক্ত টেক্টৰ আৰু ডাম্পাৰ অহা যোৱা কৰা লিকটো বৰষুণে খহাই নিয়াত গাইড বান্ধটোৰ তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাৰ লগতে বিপদজনক অৱস্থাত আছে।
জীয়াধল কুমতীয়া নদীত পানী বেছি আহিলে উক্ত অংশত বিপদৰ সম্ভাৱনাই গা কৰি উঠিছে। মাত্র ২০-৩০ হোজাৰ মান খৰচ কৰি জিঅ’ বেগত মাটি ভৰাই দি উক্ত অংশত জাপি দিলেই গাইড বান্ধটো সুৰক্ষিত হৈ পৰিব আৰু বৰদলনিবাসী বিপদ নাথাকিব বুলি উল্লেখ কৰি বুধবাৰে বৰদলনি নাগৰিক সন্থাৰ সভাপতি তথা বৰদলনি কেন্দ্রীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমনি বৰুৱাই ধেমাজিৰ জলসম্পদ বিভাগৰ কার্যবাহী অভিযন্তাক অৱগত কৰাৰ লগতে উক্ত গাইড বান্ধটো পৰিদৰ্শন কৰি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় বৰদলনি ৰাইজে।
































