SoniaGandhi :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কংগ্ৰেছৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীৰ আত্মজীৱনী গ্রন্থ ‘বিলংগিং: এ জার্ণি অৱ লাভ’ অহা ১০ নৱেম্বৰত প্রকাশ পাব। প্রকাশক অলফ্রেড এ নাফে সম্প্ৰতি এই কথা ঘোষণা কৰিলে।
এই জীৱনী গ্রন্থত ছোনিয়াই নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰা বিভিন্ন অভিজ্ঞতাৰ কথা সদৰী কৰিছে। ২০০৪ত প্ৰধানমন্ত্ৰীৰ পদ নাকচ কৰাৰ সিদ্ধান্তৰ প্ৰকৃত কাৰণো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁৰ জীৱনী গ্রন্থত ব্যক্ত কৰিছে।
ছোনিয়াই ইটালীত শৈশৱ যাপন কৰাৰ পৰা কেমব্রিজ বিশ্ববিদ্যালয়ত ৰাজীৱ গান্ধীক লগ পোৱালৈকে বিভিন্ন ব্যক্তিগত অপ্রকাশিত কথাও এই গ্রন্থত উল্লেখ কৰিছে।
ৰাজনীতিত কিয় জড়িত হৈছিল, কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ বিৰল সুযোগ লাভৰ পাছতো তেওঁ এই পদ প্রত্যাখান কৰিছিল- এনেবোৰ বিষয়তো প্রথমবাৰলৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে জীৱনী গ্ৰন্থখনত সদৰী কৰিছে।

































