DollarVsRupee : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দৰিদ্র জনতাক জুৰুলা কৰাৰ সময়তে পুনৰ ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ মাত্ৰাধিক অবনমন ঘটিছে। আনকি বুধবাৰে এক ডলাৰৰ মূল্য ৯৫.৭৫ টকা হয়। ইয়াৰ পূৰ্বে ইৰান যুদ্ধৰ সময়ত টকাৰ মূল্যৰ এনেদৰে পতন ঘটিছিল। টকাৰ মূল্যৰ অৱনমনৰ ফলতো দেশত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটে।
গতিকে সম্প্রতি যিহেতু টকাৰ মূল্যৰ উদ্বেগজনক পতন ঘটিছে গতিকে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধিৰো আশংকাই দেখা দিছে। আনহাতে, অর্থনীতিবিদসকলে সম্প্রতি টকাৰ মূল্যৰ এনে পতনৰ কেতবোৰ কাৰক চিনাক্ত কৰিছে।
ইয়াৰে মূল কাৰকৰূপে চিহ্নিত হৈছে হৰমুজ প্রণালী বন্ধ হৈ থকাটো। তদুপৰি এই জলপথ অচিৰে পুনৰ মুকলিৰ সম্ভাৱনাও ধূসৰ হৈছে। কাৰণ প্ৰণালীটো পুনৰ মুকলিৰ বাবে ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা ক্ষীণ হৈছে।
আনকি একাংশ বিশ্লেষকৰ মতে, এই প্রণালী পুনৰ মুকলিৰ বাবে ইতিমধ্যে ম্যাদ উকলা আমেৰিকা যুক্তৰাষ্ট্ৰ-ইৰান শান্তিচুক্তি পুনৰ উজ্জীৱিতকৰণৰ প্ৰতি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইচ্ছা প্রকাশ কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ। উল্লেখ্য যে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই আছে। ইয়াৰ প্ৰভাৱত ভাৰতীয় টকাৰ মূল্য অৱনমন অব্যাহত আছে। কাৰণ ভাৰতে প্রয়োজনীয় খাৰুৱা তেলৰ সিংহভাগেই আমদানি কৰি আছে। ইয়াৰ বাবদ বুজন পৰিমাণৰ ডলাৰ দেশৰ পৰা বাহিৰলৈ ওলাই যায়।
সম্প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ অৱস্থা অধিক অসুৰক্ষিত হৈছে বুলিও একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে।আনহাতে, টকাৰ মূল্যৰ অৱনমন ৰোধৰ বাবে শেহতীয়াভাৱে ভাৰতীয় ৰিজার্ভ বেংকে এক নীতিগত সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ আধাৰত বেংকে অহা ৩১ আগষ্টত অন্ত পৰিবলগীয়া বিদেশী প্রতিষ্ঠানক প্ৰদান কৰা ৰেহাইত বিদেশী মুদ্ৰাৰ সলনি সুবিধা আগতীয়াকৈয়ে বন্ধ কৰিছে।
তৎসত্ত্বেও টকাৰ মূল্যৰ অৱনমন ৰোধ হ’ব নে নাই সেয়া নিশ্চিত হোৱা নাই। এই সম্পর্কত জার্মান বেংক কমার্জ বেংকৰ বিশ্লেষকসকলৰ মতে, ভাৰতীয় ৰিজার্ভ বেংকে মুদ্রা সলনিৰ এই সুবিধা আগতীয়াকৈ বন্ধ কৰিলেও ভাৰতীয় অর্থনীতি প্রত্যাশা কৰা ধৰণে উপকৃত নহয়।





























