IsraelHistory : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অবিশ্বাস্য! প্রাচীন ইজৰাইলৰ মানুহে খাদ্যৰূপে সাপ আৰু জেঠী ভক্ষণ কৰিছিল। মাউন্ট কাৰ্মেলৰ খাজত অৱস্থিত এটা গুহাত উদ্ধাৰ হোৱা তিনি হেজাৰ সৰীসৃপৰ হাড়ৰ পৰা এই তথ্য উদ্ধাৰ হৈছে।
একাংশ গৱেষকে তথ্য উদ্ধাৰ কৰিছে যে মাউন্ট কাৰ্মেলৰ গুহাটোত উদ্ধাৰ হোৱা এই সৰীসৃপৰ হাড়বোৰ ১৫ হেজাৰ বছৰ পুৰণি। এই সৰীসৃপবোৰ মানুহে বধ কৰাৰ তথ্য উদ্ধাৰ হৈছে। হাড়বোৰ দ’ম পাতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে।
ইয়াৰ দ্বাৰা প্রমাণ হৈছে যে প্রাচীন ইজৰাইলৰ মানুহে খাদ্যৰ বাবে সাপ আৰু জেঠী চিকাৰ কৰিছিল। মাউন্ট কাৰ্মেলৰ গুহাত উদ্ধাৰ হোৱা সৰীসৃপবোৰৰ হাড়ে মানুহে হনা আঘাতৰ স্বাক্ষৰ বহন কৰিছে।
এই সম্পৰ্কীয় অধ্যয়নৰ বিষয়ে ‘ছায়েন্টিফিক ৰিপ’ৰ্টছ’ শীর্ষক এক বিজ্ঞান পত্রিকাত প্রকাশ পাইছে। অধ্যয়নটোত কোৱা হৈছে যে বৰফৰ যুগৰ অন্তিমলৈকে ইজাইলৰ মানুহে সাপ আৰু জেঠী ভক্ষণ কৰিছিল। তাৰ পাছতহে ক্রমে কৃষিকৰ্ম কৰিবলৈ লয়।
গৱেষকসকলৰ মতে, মাউন্ট কাৰ্মেলৰ গুহাটোৰ পৰা উদ্ধাৰ হোৱা সৰীসৃপৰ হাড়বোৰৰ পৰা তথ্য উদ্ধাৰ হৈছে যে এই সৰীসৃপবোৰ চৰাই অথবা আন প্রাণীয়ে বধ কৰা নহয়। কাৰণ চৰাই বা আন প্রাণীয়ে বধ কৰা হ’লে এই হাড়বোৰ একে ঠাইত দ’ম বান্ধি নাথাকিলহেঁতেন।
গতিকে হাড়বোৰ দ’ম বান্ধি পেলোৱাটো মানুহৰ বাদে যে আনে কৰা নাছিল সেয়া স্পষ্ট হৈছে। এই হাড়বোৰৰ কিছুমান অতি বিষাক্ত সাপৰো আছিল। অৱশ্যে আন একাংশ গৱেষকে মানুহে সাপ আৰু জেঠীবোৰ ভক্ষণ কৰাৰ পাছত হাড়বোৰ এনেদৰে দ’ম বান্ধি পেলোৱাৰ যুক্তি মানি ল’বলৈ বিচৰা নাই।
এনে গৱেষকসকলৰ মতে, কোনো পক্ষীয়ে সাপ আৰু জেঠীবোৰ ভক্ষণ কৰাৰ পাছত গুহাটোত হাড়বোৰ পেলাই দিছিল। এইসকল গৱেষকৰ মতে, এই হাড়বোৰৰ মাজত কিছু সংখ্যক ক্ষুদ্ৰ জেঠী আৰু সাপৰো হাড় উদ্ধাৰ হৈছে। ইয়াৰ দ্বাৰা এই সৰীসৃপবোৰ চৰাই বা তেনে ধৰণৰ প্ৰাণীয়ে বধ কৰিছিল বুলি এইসকল গৱেষকে মত পোষণ কৰিছে।
উল্লেখ্য যে ১৫ হেজাৰ বছৰ পূৰ্বে মানুহে খাদ্যৰ বাবে ঘাইকৈ চিকাৰ কৰিছিল। অৰ্থাৎ খাদ্যৰ বাবে মানুহে আন প্ৰাণীৰ ওপৰত প্ৰতাক্ষভাৱে নিৰ্ভৰ কৰিছিল। সেয়েহে খাদ্যৰ বাবে মানুহে এঠাইৰ পৰা আন ঠাইলৈ বসতিস্থল সঘনে সলনি কৰিছিল। অৱশ্যে ইয়াৰ মাজতো একাংশ প্রাচীন মানুহে খাদ্যৰূপে বনৰীয়া উদ্ভিদ ভক্ষণ কৰাৰো প্ৰমাণ উদ্ধাৰ হৈছে।






























