FloodInAssam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বানবিধস্ত চৰাইদেউ জিলাৰ সাপেখাটিত কালি অসম মজুৰী শ্রমিক ইউনিয়ন, ঝাৰখণ্ডী আদিবাসী সংগ্রাম পৰিষদ আৰু প্রকৃতি সুৰক্ষা সমাজৰ উদ্যোগত কয়লা মাফিয়াৰ বিৰুদ্ধে ৰাইজে গৰজি উঠিল।
ৰাইজে দিল্লী সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ বাবে নগামাটি পাণীচকীৰ ৰাইজক উচ্ছেদৰ বাবে চৰকাৰে জাননী কৰাৰ প্রতিবাদত সাপেখাতীত চক্র বিষয়াৰ কাৰ্যালয়ত ধর্ণা দিয়ে। ৰাইজে হাতে হাতে প’ষ্টাৰ লৈ ‘কাজিৰঙাৰ ইক’ চেঞ্চিটিভ জোন হ্রাস কৰা নচলিব’, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক ধ্বংস কৰা নচলিব’, ‘প্রকৃতি ধ্বংস কৰা নচলিব, পাহাৰ খানি কয়লা উলিওৱা বন্ধ কৰক, প্রকৃতি ধ্বংস কৰি বান প্রলয় সৃষ্টি নকৰিব, প্রকৃতি ধ্বংস কৰি মানুহৰ মৃত্যু লীলা নচলিব, কাজিৰঙা ধ্বংস কৰাৰ চক্ৰান্ত বন্ধ কৰক, কাজিৰঙাত হোষ্টেল-ৰেষ্টুৰেন্ট বনোৱা বন্ধ কৰক, কৃষক উচ্ছেদ বন্ধ কৰক, কৃষকক সহজ উপায়েৰে পট্টা দিয়ক, বৃহৎ নদী বান্ধ দিয়া বন্ধ কৰক, অসমত বুলড’জাৰৰ দমন নীতি বন্ধ কৰক’ আদি ধ্বনি দি চৌপাশ কপাই তোলে।
এই প্রতিবাদী কার্যসূচীত নেতৃত্বত দিয়ে অসম মজুৰি শ্রমিক ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি কৃষ্ণকান্ত গগৈ, ঝাৰখণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ হৈ অর্জুন তির্কী, ৰতন হেমৰম, ৰমা গড়, নতুন অসম ছাত্র সম্মিলন (নাচা) ৰ নেতা যতীন মুর্মু, অসম মজুৰি শ্রমিক ইউনিয়নৰ চৰাইদেউ ইউনিয়নৰ জিলাৰ সভাপতি লক্ষীধৰ গগৈ, সম্পাদক ৰাজু কাৰোৱা, লক্ষীৰাম পাতৰ আৰু প্ৰকৃতি সুৰক্ষা সমাজৰ হৈ ভাণ্ডুৰাম কেৰকেটা আৰু নিৰোদ কেৰ্কেটাই।
এই সম্পর্কত প্রতিবাদী কার্যসূচীৰ উদ্যোক্তাই কয়, ‘কয়লা মাফিয়াৰ বিৰুদ্ধে সকীয়নি প্ৰেৰণ কৰা হৈছে। যদি প্রকাশনে ইয়াৰ ব্যৱস্থা নল’লে ভৱিষ্যত আমাৰ তীব্ৰতৰ গণ আন্দোলন গঢ়ি তোলা হ’ব।’































