NarendraModi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজনীতিৰ খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা সন্দৰ্ভত নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এইবাৰ তেওঁক দেৱতাৰ আসনত বহুৱাই পূজা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
দিল্লীৰ প্ৰেছ ক্লাৱত ভগৱান ৰামচন্দ্ৰৰ আৰ্হিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বেনাৰৰ সন্মুখত কৰা হয় আৰতি। কেৱল সেয়াই নহয়, উঠিল ‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ৰ দৰে জয়ধ্বনিও। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছে।
ঘটনাটোৰ এটা ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱান ৰামচন্দ্ৰৰ স’তে তুলনা কৰি এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
অনুষ্ঠানস্থলীৰ বেনাৰত লিখা আছে, ‘ভগৱান শ্ৰী নৰেন্দ্ৰ মোদী চালিছা’। কিন্তু অনুষ্ঠানটোৰ আয়োজন কোনে কৰিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভিডিঅ’টোত মোদীৰ বেনাৰৰ সন্মুখত আৰতি কৰা দেখা গৈছে।
বিতৰ্কৰ মাজতে এই সন্দৰ্ভত মুখ খুলিছে প্ৰেছ ক্লাব কৰ্তৃপক্ষই। এক্স হেণ্ডেলত প্ৰকাশ কৰা এক বিবৃতিত তেওঁলোকে লিখিছে, ‘প্ৰধানমন্ত্ৰীক লৈ এটা অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে এই অনুষ্ঠান প্ৰেছ ক্লাবে আয়োজন কৰা নাছিল। এটা সংগঠনক সাংবাদিক সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ক্লাবটো ভাড়াত দিয়া হৈছিল। কিন্তু তেওঁলোকে নিৰ্ধাৰিত চৰ্তাৱলী উলংঘা কৰে। বিষয়টো দৃষ্টিত অহাৰ লগে লগে অনুষ্ঠানটো তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হয়।’


































