CitizenshipAmendmentAct : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ২০১৪ৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা অমুছলমান ছটা ধর্মাবলম্বী লোকক বিতর্কিত নাগৰিকত্ব (সংশোধনী) আইন (কা)ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কর্তৃত্ব অসমসহ আঠ ৰাজ্যত এইবাৰ প্ৰদান কৰা হৈছে জিলা আয়ুক্তসকলক। বুধবাৰে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা নাগৰিকত্ব (তৃতীয় সংশোধনী) বিধি-২০২৬ৰ অধীনত চুবুৰীয়া তিনি দেশৰ পৰা অহা হিন্দু, খ্রীষ্টান, বৌদ্ধ, জৈন, পার্চি আৰু শিখ লোকক জিলা আয়ুক্তৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই নির্দেশনা অসম, গুজৰাট, ৰাজস্থান, পঞ্জাৱ, পশ্চিমবংগ, ত্ৰিপুৰা, জম্মু-কাশ্মীৰ আৰু লাডাখত প্রযোজ্য হ’ব। অৱশ্যে অসম আৰু ত্ৰিপুৰাৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত এই নির্দেশনা বলবৎ নহ’ব। এই অঞ্চলসমূহক বাদ দি সমগ্ৰ অসমৰ লগতে উক্ত ৰাজ্যসমূহত সংশ্লিষ্ট জিলা আয়ুক্তসকলে চুবুৰীয়া এই তিনি দেশৰ পৰা অহা ধর্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিব পাৰিব। ইয়াৰ পূর্বে এই ক্ষমতা জিলা পৰ্যায়ৰ সমিতি আৰু ক্ষমতাসম্পন্ন সমিতিসমূহৰ হাতত আছিল।
সেই অনুসৰি বৰ্তমানেও এই সমিতিসমূহৰ হাতত নাগৰিকত্বৰ বাবে জনোৱা আবেদন পৰি আছে। পৰি থকা আবেদনো সংশ্লিষ্ট জিলা আয়ুক্তসকললৈ হস্তান্তৰৰ নিৰ্দেশনা দিছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে। এই নির্দেশনা জাৰিৰ লগে লগে ‘কা’ সম্পর্কীয় কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চৰ নিৰ্দেশনা বাতিল হৈছে।
কি প্ৰক্ৰিয়াৰে জিলা আয়ুক্তসকলে প্ৰদান কৰিব নাগৰিকত্ব
‘কা’ৰ অধীনত নাগৰিকত্ব লাভৰ বাবে পূর্বে জিলা পৰ্যায়ৰ আৰু ক্ষমতাসম্পন্ন সমিতিক আবেদন দাখিল কৰিবলগীয়া হৈছিল। এই সমিতিসমূহে আবেদনপত্র গ্রহণ, পৰীক্ষণ আৰু নিষ্পত্তি কৰিছিল। কালি গৃহ মন্ত্রণালয়ে জাৰি কৰা নির্দেশনা অনুসৰি এতিয়াৰে পৰা জিলা আয়ুক্তসকলে নাগৰিকত্ব আইনৰ ৬(বি) ধাৰাৰ অধীনত আবেদন গ্রহণ, পৰীক্ষণ আৰু নিষ্পত্তি কৰিব।
প্রয়োজনত জিলা আযুক্তই আবেদনকাৰীৰ সম্পৰ্কত কোনো তদন্ত কৰিব পাৰিব। তদুপৰি জিলা আয়ুক্তই আবেদনকাৰীক আনুগত্যৰ শপতগ্ৰহণ কৰাব আৰু আবেদনকাৰীজনক নাগৰিকত্বৰ বাবে অৰ্হতা আছে নে নাই সেয়া পৰীক্ষণ কৰিব। এই সমূহ প্রক্রিয়াত সন্তুষ্ট হ’লে জিলা আয়ুক্তই সংশ্লিষ্ট আবেদনকাৰীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিব।
অৱশ্যে আবেদনকাৰীজন সোঁশৰীৰে আবেদন দাখিলৰ বাবে উপস্থিত থাকিব নোৱাৰিলে আৰু শপতগ্ৰহণ কৰিব নোৱাৰিলে তেওঁৰ আবেদন জিলা আয়ুক্তই খাৰিজ কৰিব পাৰিব। উল্লেখ্য যে পূর্বে ক্ষমতাসম্পন্ন সমিতি আৰু জিলা পৰ্যায়ৰ সমিতিত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্রণালয় তথা বিভাগৰ বিষয়াও আছিল।
এই বিষয়াবৰ্গৰ মাজত লোকপিয়ল, চোৰাংচোৱা সংস্থা আইবি আৰু ডাক বিভাগৰ বিষয়া আছিল। গতিকে সম্প্রতি কেন্দ্রীয় গৃহ মন্ত্রণালয়ে দেশৰ নাগৰিকত্ব প্ৰদানৰ দৰে প্ৰক্ৰিয়াটোও তেনেই সৰল কৰাটো প্রতিপন্ন হৈছে। লক্ষ্যণীয়ভাবে ‘কা’ৰ হিতাধিকাৰীৰ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি আহিছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে। উল্লেখ্য যে মোদী চৰকাৰে অনা ‘কা’ আইনৰ প্ৰধান লক্ষ্য পশ্চিমবংগ আছিল বুলি চর্চা হৈ আহিছে।
গতিকে পশ্চিমবংগৰ ক্ষমতা বিজেপিৰ হাতলৈ অহাত মোদী চৰকাৰে এই আইনৰ অধীনত অমুছলমান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া সৰল কৰি তোলাটো লক্ষ্যণীয় হৈছে। পশ্চিমবংগত ঘাইকৈ মাতুৱা সম্প্ৰদায়ৰ বাংলাদেশী মূলৰ বহু হিন্দু লোক নাগৰিকত্ববিহীনভাৱে আছে। সম্প্ৰতি বিজেপি চৰকাৰে এইসকলক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াটো সৰল কৰা বুলি ব্যাপক চর্চা হৈছে।
নাগৰিকত্ব বিষয়ৰ স’তে জড়িত হ’ব আঠ ৰাজ্যৰ চৰকাৰো
দেশৰ নাগৰিকত্ব বিষয়টো হৈছে ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয় তালিকাত অন্তর্ভুক্ত এটা বিষয়। সম্প্রতি এই নাগৰিকত্ব বিষয়ৰ স’তে ৰাজ্যসমূহো জড়িত হ’ব। কাৰণ জিলা আযুক্ত কার্যালয়সমূহত নাগৰিকত্ব আবেদনৰ পৰীক্ষণৰ বাবে স্থানৰ ব্যৱস্থা কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে। একেদৰে আৰক্ষীৰ পৰীক্ষণো ৰাজ্য চৰকাৰসমূহৰ দ্বাৰাই হ’ব।



































