AssamMeghalaya : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আকস্মিকভাৱে সম্প্ৰতিশ্বিলঙত সূত্রপাত হোৱা হিংসাত্মক ঘটনাই সৃষ্টি কৰা পৰিস্থিতি উত্তেজনা নিৰাময়ৰ বাবে হাত মিলালে অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত পৰিস্থিতি ক্রমে জটিল হৈ উঠাৰ সময়তে বিষয়টোক লৈ দুই মুখ্যমন্ত্রী আলোচনাত মিলিত হয়। পাছত এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত কয়, ‘অসম আৰু মেঘালয় হৈছে ভগ্নী ৰাজ্য আৰু দুয়োখন ৰাজ্যৰ মাজত এক গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু একতাৰ সম্পৰ্ক আছে। পাৰস্পৰিক সম্মান, সংযম আৰু সংবেদনশীলতাই সকলো সময়তে আমাক পথ প্ৰদৰ্শন কৰিব লাগিব। আমাৰ মাজৰ সম্পৰ্কৰ সাকাৰ ৰূপ দিয়া সম্প্রীতি, বন্ধুত্ব আৰু সদিচ্ছা অটুট ৰখাৰ বাবে আমি আমাৰ সামৰ্থ্যৰ ভিতৰত সকলোখিনি কৰিব লাগিব।’
অসমত পঞ্জীয়নকৃত যানবাহনৰ ক্ষতিসাধনৰ বিষয়টো মুখ্যমন্ত্রী কনৰাড চাংমাক অৱগত কৰা বুলি ড° শৰ্মাই সদৰী কৰে। একেদৰে মুখ্যমন্ত্রী চাংমাই কয়, ‘আমি দুয়ো মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিলো। এই উদ্দেশ্যে নিয়োজিত অসম আৰু মেঘালয়ৰ মন্ত্রীসকলে শান্তি, আস্থা আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে আলোচনা কৰিব।’
লগতে তেওঁ শান্তি, সম্প্রীতি আৰু সংযম বৰ্তাই ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনতাৰ প্ৰতি আহ্বান জনাই কয়, ‘অসম আৰু মেঘালয়ৰ মাজত গভীৰ বান্ধোন আছে আৰু এই বান্ধোন ৰক্ষা কৰিবলৈ আমি একেলগে কাম কৰিব লাগিবই।’




































