RuralDevelopment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধেমাজিৰ মাছখোৱা উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনিৰ ৰুপায়নৰ নামত সচিব, অভিযন্তাই মিলি ভুৱা বিলেৰে লাখলাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ কৰিছে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
এই সন্দৰ্ভত আজি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰামত সমিতিৰ সাধাৰণ সম্পাদক দুৰ্গা বৰাই অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰালৈ এখন স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷
স্মাৰকপত্ৰ সংগঠনটোৱে কয় যে, মাছখোৱা উন্নয়ন খণ্ডত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিযুক্তি নিশ্চিতকৰণ আইন এম জি এনৰেগা আইন ৰূপায়ণৰ নামত খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাই মিলি কেইটামান নিৰ্বাচিত ভেণ্ডৰৰ জৰিয়তে লাখলাখ টকা ভুৱা বিল আৰু ভুৱা জৱকাৰ্ডৰ জৰিয়তে লুণ্ঠন চলোৱা বুলি উল্লেখ কৰে ৷
সংগঠনটোৱে উল্লেখ কৰে যে, মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদলনি গাঁও পঞ্চায়তত এম জি এনৰেগাৰ আঁচনিত ২০২৫-২৬ বৰ্ষত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মহন্ত চুকলৈ পথ নিৰ্মাণ আৰু দুয়ো চাইডত বান্ধ নিৰ্মাণৰ বাবে ৭.৬২ লাখ টকা আৱন্টন হয় ৷
কিন্তু অতি ৰহস্য জনক উক্ত আঁচনিত কোনো কাম নকৰাকৈয়ে মাছখোৱাৰ বি ডি অ, বৰদলনি পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা জিমে দলে আৰু বৰদলনি পঞ্চায়তৰ সচিব জিতেন গোঁহাইয়ে ভুৱা শ্ৰমিকৰ নামত ভুৱা বিল বনাই আৱন্টিত সমুদায় ধন আত্মসাৎ কৰে বুলি উল্লেখ কৰি উক্ত বৃহৎ কেলেংকাৰী উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনায় ৷
অন্যথা সংগঠনটোৱে ৰাইজৰ সহযোগত তীব্ৰ উন্নয়ন খণ্ড কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷




































