AssamMeghalaya : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: খাচি ছাত্র সন্থাই বুধবাৰে শ্বিলঙত ৰূপায়ণ কৰা ক’লা দিৱস কাৰ্যসূচীৰ সময়ত সাধাৰণ লোকৰ ওপৰত কৰা আক্ৰমণক লৈ মেঘালয়ৰ লগতে অসমতো বিৰাজ কৰিছে উত্তেজনাপূর্ণ পৰিস্থিতি। মেঘালয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্রতিবাদত একাংশ প্রতিবাদকাৰীয়ে উদ্দেশ্যপ্রণোদিতভাৱে শিল, ৰড,অন্যান্য কঠিন সামগ্ৰী আদিৰে সাধাৰণ লোক আৰু বহু যানবাহনৰ ওপৰত আক্ৰমণ চলায়। এই আক্রমণত শিশু, মহিলাসহ কে’বাজনো লোক আহত হয়। ভাঙি চূর্ণ-বিচূর্ণ কৰা হয় ব্যক্তিগত আৰু বাণিজ্যিক বহু বাহন। এনে বাহনৰ অধিকাংশই অসমৰ।
অভিযোগ অনুসৰি আক্ৰমণকাৰী দলে বাছি বাছি অসমত পঞ্জীনয়ভুক্ত বাহনৰ ওপৰত আক্ৰমণ চলায়। পার্কিং স্থানত ৰখাই থোৱাৰ উপৰি যাত্ৰী থকা বাহনতো উন্মত্ত দলে আক্রমণ চলায়। বাহনত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হয়। এই তাণ্ডৱলীলা পুৱতি নিশালৈকে অব্যাহত থাকে। আনকি আৰক্ষীৰ চকুৰ আগতে এই ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে। এই আক্ৰমণৰ প্ৰতিক্রিয়া কালি প্রতিফলিত হয় অসমত। অসম-মেঘালয়ৰ সীমান্তৰ যোৰাবাটত অসমৰ সীমাৰ ভিতৰত পুৱাৰে পৰা বৃহৎ প্রতিবাদ সাব্যস্ত কৰে অসমৰ কে’বা শতাধিক চালকে। অসম ৰাজ্যিক চালক সন্থাৰ উদ্যোগত ৰূপায়িত প্রতিবাদ নিশালৈকে অব্যাহত আছে।
প্রতিবাদৰ অংশ হিচাপে একমাত্র এম্বুলেন্সৰ বাদে মেঘালয়ৰ পঞ্জীয়নভুক্ত সৰু-ডাঙৰ সকলো বাহনৰ গুৱাহাটী তথা অসমত প্ৰৱেশ বন্ধ কৰি দিয়া হয়। একেদৰে মেঘালয় অভিমুখী অসমৰ পঞ্জীয়নভুক্ত বাহনৰ চলাচলো আজি চালকসকলে বন্ধ ৰাখে। কেৱল মাত্ৰ জৰুৰী কাৰণৰ বাহনহে মেঘালয় অভিমুখে যাত্রা কৰিবলৈ সক্ষম হয়। কিন্তু দুপৰীয়াৰ পৰা বৰ্ণিহাটত মেঘালয়ৰ এফকেজেজিপি নামৰ এটা সংগঠনে অসমৰ পঞ্জীয়নভুক্ত সকলো বাহনকে বাধা প্ৰদান কৰে। আনকি বৰাক আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ যাত্ৰা কৰা নৈশ বাছৰ চলাচলতো বাধা প্ৰদান কৰে। ফলত বহু বাহন বর্ণিহাটত আবদ্ধ হৈ পৰিছে।
আনকি অসমৰ বিধায়ক আব্দুৰ ৰছিদ চৌধুৰীও বাধা প্ৰদানৰ বাবে তেওঁৰ বৰাক অভিমুখী যাত্ৰা পথৰ পৰা উভতিবলৈ বাধ্য হয়।উল্লেখ্য যে পর্যটককে ধৰি আন আন যাত্রী লৈ অসমৰ পৰা দৈনিক কে’বাশ চাৰিচকীয়া ব্যক্তিগত আৰু বাণিজ্যিক বাহন মেঘালয়লৈ যায়। একেদৰে মেঘালয়ৰ পৰাও শ শ বাহন অসমলৈ আহে। এনেদৰে দুয়োখন ৰাজ্যৰ মাজত যাতায়াত কৰা অধিকাংশ বাহন অসমত পঞ্জীয়নভুক্ত।
মেঘালয় আৰু অসমৰ যাতায়াত ব্যৱস্থাত লঘু বাহনবোৰৰ চাহিদাই সর্বাধিক। অসমৰ উপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশৰ পৰাও শ্বিলং অভিমুখী যিমান লোক যায় সকলোৱে যোৰাবাট হৈয়ে যাব লাগে। গতিকে শ্বিলং আৰু গুৱাহাটীৰ মাজত যাতায়াত ব্যবস্থা লঘু বাহনৰ ওপৰতে সৰ্বাধিক নিৰ্ভৰশীল। একেদৰে সামগ্ৰী পৰিবহণো চলি আহিছে। ইয়াৰ মাজতে প্রায় সঘনে অসমত পঞ্জীয়নভুক্ত পর্যটক কঢ়িওৱা লঘু বাহনক লৈ মেঘালয়ৰ একাংশ সংগঠনে মুকলি বিৰোধ কৰি আহিছে। এই বিৰোধৰ নামত হিংসাত্মক ঘটনাও সংঘটিত হৈ আহিছে।
বুধবাৰে শ্বিলঙত হোৱা আক্ৰমণৰ ঘটনাটোৰ লগত পর্যটক কঢ়িওৱা বাহনৰ প্ৰত্যক্ষ সম্পর্ক নাছিল। কাৰণ উন্মত্ত প্রতিবাদকাৰীয়ে তেওঁলোকৰ দাবী ৰাজ্যখনৰ চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ নকৰাৰ বাবেহে আক্রমণ চলাইছিল। কিন্তু এই আক্রমণত সহজ লক্ষ্য হিচাপে লোৱা হয় অসমৰ পঞ্জীয়নভুক্ত বাহনবোৰক। সেয়েহে অসমৰ বাহন আৰু সাধাৰণ নাগৰিকৰ ওপৰত উদ্দেশ্যপ্রণোদিতভারে এই ভয়াৱহ আক্রমণ চলোৱাৰ অভিযোগ উঠিছে।
আক্রমণ ইমানে ভয়ংকৰ আছিল যে আঘাতপ্রাপ্ত শিশু আৰু মহিলাসহ অসমৰ কে’বাজনো লোকে কথমপি প্ৰাণৰক্ষা কৰি ৰাজ্যখনৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। তেওঁলোক চিকিৎসাধীনো হ’বলগীয়া হৈছে। একেদৰে কথমপি প্ৰাণৰক্ষা পৰে আক্ৰমণৰ সম্মুখীন হোৱা অসমৰ চালকসকলো। তেওঁলোকৰো কে’বাজনো আহত হয়। মেঘালয় আৰক্ষীৰ তথ্য অনুসৰি এই আক্রমণত ৩১ খন বাহন ক্ষতিগ্রস্ত হয়।
এই ঘটনাৰে প্ৰতিক্রিয়াই কালি প্রবল ৰূপ ধাৰণ কৰে যোৰাবাটত। অসমৰ চালকসকলে পুৱাৰে পৰা সাব্যস্ত কৰা প্ৰতিবাদত আনকি মেঘালয়ৰ উপ-আৰক্ষী অধীক্ষকো উভতি যাবলৈ বাধ্য হয়।
কালি শ্বিলঙত অনুষ্ঠিত হয় দেশৰ আগশাৰীৰ ফুটবল টুর্ণামেন্ট ডুৰাণ্ড কাপৰ ছেমিফাইনেল। এই খেল উপভোগ কৰিবলৈ কলকাতাৰ পৰাও বহু লোকৰ আগমন হয়। কিন্তু তেওঁলোক কোনেও অসমৰ চালকৰ প্ৰতিবাদত শ্বিলঙলৈ যাবলৈ সক্ষম নহ’ল। বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰতিবাদকাৰী চালকসকলে মেঘালয় চৰকাৰ আৰু ৰাজ্যখনৰ বিভিন্ন সংগঠনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। আনকি অসম চৰকাৰৰ ভূমিকাকো তেওঁলোকে সমালোচনা কৰে।
প্ৰতিবাদকাৰী চালকসকলে দিয়া ‘অসমৰ চালকৰ সুৰক্ষা নিশ্চিত কৰক, মেঘালয়ত আক্ৰমণ নচলিব, মেঘালয়ৰ মুখ্যমন্ত্ৰী অসমবাসীৰ ওচৰত ক্ষমা খোজক, দুর্বৃত্তই বুধবাৰে কৰা ক্ষতিপূৰণ দিব লাগিবই’ আদি শ্ল’গান দি যোৰাবাটৰ পৰিৱেশ উত্তাল কৰি তোলে। পুৱা আৰম্ভহোৱা এই পৰিৱেশ সমান গতিত দিনজুৰি অব্যাহত থাকে। বিয়লি এই প্রতিবাদত চামিল হয় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।
মেঘালয়ত চলা আক্রমণক লৈ তীব্র ক্ষোভ প্রকাশ কৰে যোৰাবাটত প্রতিবাদ সাব্যস্ত কৰা ছেভেন স্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে। সভাপতিজনে কয়, ‘বাৰে বাৰে অসমৰ বাহনৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। কিন্তু ইয়াক লৈ মেঘালয় চৰকাৰ তথা প্রশাসন নিমাত। চৰকাৰে কিয় দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আজিলৈকে বিহিত ব্যৱস্থা ল’ব পৰা নাই? কালি ঘটনাত জড়িতসকলক শীঘ্রে শাস্তি প্রদান কৰিবলৈ আমি দাবী জনাইছো।’ এই দাবী নামানিলে মেঘালয়ৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ গঢ়ি তোলাৰো সকীয়নি দিয়ে আলীয়ে। ইপিনে, অসম ৰাজ্যিক চালক সন্থাৰ সভাপতি ধ্ৰুৱৰাজ অসমে চাৰিটা দাবীৰে তেওঁলোকে এই প্রতিবাদ সাব্যস্ত কৰা বুলি জনায়। সভাপতিজনে কয়, ‘মেঘালয়ত আমাৰ ৰাজ্যৰ চালকসকল আক্ৰমণৰ আটাইতকৈ সহজ লক্ষ্য হৈ আহিছে। বুধবাৰে আমাৰ বাহনবোৰক, আমাৰ চালকসকলক লক্ষ্য কৰি লোৱা হয়। এনে নচলিব, গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। এয়া আমাৰ দাবী। কালি খাচি ছাত্ৰ সন্থাৰ আক্ৰমণত মানুহ আৰু বাহনৰ যি ক্ষতি হ’ল তাৰ উচিত ক্ষতিপূৰণ দিব লাগিব। আমাৰ আন এটা দাবী হ’ল অসমৰ চালক আৰু বাহনৰ নিৰাপত্তা মেঘালয়ত নিশ্চিত হ’ব লাগিব। কালি যিসকলে এই ঘটনা সংঘটিত কৰিলে সেইসকলক কঠোৰ শাস্তি প্রদান কৰাটো আমাৰ আন এটা দাবী। যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, তেতিয়ালৈকে আন্দোলন চলিব। এইবাৰ মেঘালয়ৰ দুষ্কৃতিকাৰীক শিক্ষা দিবই লাগিব।’
অৱশ্যে দিনজোৰা প্ৰতিবাদৰ বাবে যোৰাবাটক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত যাতায়াতৰ যি অচলাৱস্থাৰ সৃষ্টি হয় তথা সাধাৰণ ৰাইজে যি দুর্ভোগ ভুগিবলগীয়া হয়, তাৰ পৰিপ্ৰেক্ষিতত কালি নিশা আঠ বজাৰ পৰা আজি পুৱা সাত বজালৈ চালক সন্থাই তেওঁলোকৰ এই প্ৰতিবাদ সাময়িকভাবে স্থগিত ৰখা বুলি ঘোষণা কৰে। আজি পুৱা নির্দিষ্ট সময়ৰ পৰা পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি সভাপতিজনে ঘোষণা কৰে। যেতিয়ালৈকে চালকসকলৰ সমস্যাৰ স্থায়ী সমাধান নহয়, তেতিয়ালৈকে এই প্রতিবাদ চলিব বুলিও সংগঠনটোৱে কালি ঘোষণা কৰে। উল্লেখ্য যে এই প্রতিবাদী কাৰ্যসূচীৰ ফলত কালি বিয়লিৰ পৰা যোৰাবাটক কেন্দ্ৰ কৰি তীব্র যানজটৰ সৃষ্টি হয়। কে’বা কিলোমিটাৰ জুৰি এই যানজট লাগে। লক্ষ্যণীয়ভাবে দিনজুৰি অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিত আৰু অচলাৱস্থাৰ পাছতো চৰকাৰ তথা প্রশাসনৰ কোনো উচ্চপদস্থ বিষয়া প্রতিবাদস্থলীত উপস্থিত নহ’ল।
ক্ষতিপূৰণ-দোষীক শাস্তি বিহিবলৈ এজাহাৰ
বুধবাৰে শ্বিলঙত আক্ৰমণৰ বলি হোৱা লোকে কে’বাখনো এজাহাৰ দাখিল কৰিছে। ইয়াৰ ভিতৰত ক্ষতিগ্রস্ত বাহনৰ চালকো আছে। হেমন্ত কলিতা নামৰ গুৱাহাটীৰ লতাকটাৰ বাসিন্দা এজন চালকে যোৰাবাট আৰক্ষী চকীত দাখিল কৰা এজাহাৰাত উল্লেখ কৰে যে তেওঁ কালি দুজন যাত্রী লৈ শ্বিলঙলৈ গৈছিল। সেই সময়তে ক’লা কাপোৰ পিন্ধি মটৰ চাইকেলৰে শোভাযাত্রা কৰি অহা কেইজনমান যুৱকে আন কে’বাখনো বাহনৰ লগতে তেওঁৰো এএছ-০১ জেচি-৯৭৮৫ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ আইনা ভাঙি দিয়ে। শোভাযাত্রাটো খাচি ছাত্ৰ সন্থাৰ আছিল বুলিও এজাহাৰখনত উল্লেখ কৰা হৈছে। গতিকে বাহনৰ ক্ষতিপূৰণ আৰু বাহন ভঙা যুৱকক উচিত শাস্তি প্রদানৰ দাবী কলিতাই তেওঁৰ এজাহাৰখনত উল্লেখ কৰে। আন এখন এজাহাৰ দাখিল কৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ ছান আলীয়ে। তেওঁ এজাহাৰখনত উল্লেখ কৰা অনুসৰি, নিজৰ ইন’ভা বাহনখনৰে তেওঁ তিনিদিনৰ বাবে তিনিটা পৰিয়াল লৈ মেঘালয়লৈ গৈছিল। তেওঁলোক শ্বিলং পোৱাৰ পাছতে সন্ধিয়া প্রায় সাত বজাত ক’লা কাপোৰ পৰিধান কৰি মটৰ চাইকেলৰে শোভাযাত্ৰা কৰি অহা কেইজনমান যুৱকে লাঠিৰে কোবাই আৰু শিল দলিয়াই তেওঁৰ বাহনখনৰ আইনা ভাঙি দিয়াৰ লগতে গাড়ীখনৰ অন্যান্য অংশৰো ক্ষতিসাধন কৰে। এইখন এজাহাৰতে ক্ষতিপূৰণ আদায়ৰ লগতে দোষীক শাস্তি প্ৰদানৰ বাবে জনোৱা হৈছে।




































