CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা এতিয়া স্বাধীন সাংবাদিকৰ ভূমিকাতো দেখা যায় ধ্ৰুৱ ৰাঠীক। কেন্দ্ৰৰ শাসকীয় দলৰ বিৰোধিতাৰে আগবঢ়োৱা তেওঁৰ যুক্তি আৰু বক্তব্যই এই মুহূৰ্তত বহু নেটিজেনক প্ৰভাৱিত কৰিছে। অৱশ্যে ইয়াৰ বিপৰীত মত পোষণ কৰা লোকো আছে। বিদেশত থাকি দেশৰ বিভিন্ন বিষয়ক লৈ সঘনাই শাসকীয় পক্ষক সমালোচনা কৰাটো দেশদ্ৰোহিতাৰ সমান বুলি ভবা লোকৰো অভাৱ নাই।
অৱশ্যে ধ্ৰুৱ ৰাঠী সদায়েই নিৰ্ভীক। শেহতীয়াকৈ জাৰ্মানীৰ পৰা উৰা মাৰি আহি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবী উত্থাপন কৰা ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে তেওঁ। ইয়াৰ বাবে এদিনৰ বাবে আৰক্ষীৰ জিম্মাতো থাকিবলগীয়া হয়। হয়, ঠিকেই ধৰিছে। বিখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ কথাই কোৱা হৈছে।
ভাৰতলৈ আহি তেওঁ যিদৰে ৰাজনৈতিক কাৰ্যকলাপত জড়িত হৈ পৰিল, তাৰ পিছতে স্বাভাৱিকভাৱে প্ৰশ্ন উত্থাপন হৈছে—এইবাৰ ৰাজনীতিত যোগদান কৰিব নেকি ধ্ৰুৱ ৰাঠীয়ে? দেওবাৰে নিশা এখন সংবাদমেলত এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়ে তেওঁ।
শনিবাৰে দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ মূলতঃ নিজৰ কৰ্মস্থলী জাৰ্মানীৰ পৰা উৰা মাৰি আহিছিল হাৰিয়ানাৰ ভূমিপুত্ৰ ধ্ৰুৱ ৰাঠী। কিন্তু তাৰ পূৰ্বেই নিজৰ ঘৰৰ পৰা তেওঁক আটক কৰে দিল্লী আৰক্ষীয়ে।
সেইদিনা আৰক্ষীৰ হাতত সন্মুখীন হোৱা নিৰ্যাতনৰ বিষয়ে সংবাদমেলত বিশদভাৱে জনায় ধ্ৰুৱই। ইয়াৰ পিছতে তেওঁক স্বাভাৱিকভাৱেই প্ৰশ্ন কৰা হয়—এইবাৰ পোনপটীয়াকৈ ৰাজনীতিত নামিব নেকি? ইয়াৰ উত্তৰত ধ্ৰুৱই কয়, “নাই, এতিয়াই মই ৰাজনীতিত যোগদান কৰা নাই। কোনো ৰাজনৈতিক দলৰ সৈতে মোৰ কোনো বিষয় বা মতামতৰ মিল থাকিলে সেয়া সুকীয়া কথা।”
শনিবাৰে দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰোধিতাৰে হোৱা আন্দোলনত বহু ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। সেই দলসমূহৰ কোনোবাই তেওঁক প্ৰস্তাৱ দিছে নেকি বুলি সোধাত ধ্ৰুৱই জনায় যে এতিয়ালৈকে তেওঁ তেনে কোনো প্ৰস্তাৱ পোৱা নাই।
এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি ধ্ৰুৱ ৰাঠীয়ে জনায় যে তেওঁ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। আনকি যি ককৰোচ পাৰ্টিৰ সৈতে যোগাযোগ কৰি তেওঁ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, সেই দলৰো তেওঁ সদস্য নহয়। বৰং নিজকে ভাৰতৰ সাধাৰণ জনতাৰ মাজৰ এজন বুলিহে গণ্য কৰে ধ্ৰুৱই। তেওঁৰ কথাত, “মই দেশৰ এজন সাধাৰণ নাগৰিক। সেই হিচাপেই মই প্ৰতিবাদ কৰিছোঁ। দেশৰ বিষয়ে কথা কোৱাৰ অধিকাৰ মোৰ আছে।”
বিদেশত থাকি দেশৰ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগৰ প্ৰত্যুত্তৰত ধ্ৰুৱ ৰাঠীয়ে নিজৰ ভাৰতীয় পাছপ’ৰ্ট দেখুৱায়। ইয়াৰ জৰিয়তে তেওঁ বুজাই দিয়ে যে তেওঁ দেশৰ নাগৰিক আৰু সেয়েহে তেওঁৰ দৃষ্টিত যি অন্যায়, তাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিব। অৱশ্যে, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ পথ হিচাপে এতিয়াই ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই ধ্ৰুৱ ৰাঠীৰ।


































