দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মণিপুৰৰ কাংপোকপি জিলাত সশস্ত্ৰ গোটৰ আক্ৰমণত নিহত এজন ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবীত ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে এটা নাগা নাগৰিক সংগঠনে। শনিবাৰে মকুই আশাং গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হয় ৫২ বছৰীয়া অজিনবউ ৰিংকাংমাই। দেওবাৰে নিশা মূৰবিহীন তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (জেএনআইএমএছ)লৈ অনা হয়। কিন্তু শনিবাৰেই এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আৰু সেনাৰ পোছাক পৰিহিত উগ্ৰপন্থীৰ মাজত অজিনবউৰ কটা মূৰটো পৰি থকা দেখা গৈছিল।
দেওবাৰে ‘জইণ্ট ট্ৰাইবছ কাউন্সিল মণিপুৰ’ নামৰ সংগঠনটোৱে এখন বিবৃতিযোগে জনায় যে অজিনবউৰ কটা মূৰটো এতিয়াও উদ্ধাৰ হোৱা নাই। সন্মানসহকাৰে শেষকৃত্য সম্পন্ন কৰাৰ বাবে পৰিয়ালৰ হাতত মূৰটো গতাই নিদিয়ালৈকে মৰণোত্তৰ পৰীক্ষা কৰা নহ’ব বুলিও সংগঠনটোৱে স্পষ্ট কৰে।
বিবৃতিটোত ক্ষোভ প্ৰকাশ কৰি কোৱা হয়, “উগ্ৰপন্থীসকলে তেওঁৰ কটা মূৰটো ট্ৰফী হিচাপে ব্যৱহাৰ কৰি আছে। এনে পৰিস্থিতিত আমি ৰাজ্য প্ৰশাসনক মৃতদেহটো অধিক খণ্ড-বিখণ্ড কৰাৰ অনুমতি নিদিওঁ।” নতুনকৈ আৰম্ভ হোৱা এই হিংসাৰ বাবে পোনপটীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি সংগঠনটোৱে ইয়াক ‘মানৱতাৰ চৰম অপমান’ বুলি অভিহিত কৰে।
মূৰটো বিচাৰি উলিয়াই ঘূৰাই দিয়াৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দি সংগঠনটোৱে সকীয়াই দিয়ে যে এই সময়ৰ ভিতৰত মূৰটো ঘূৰাই নিদিলে ন্যায়ৰ স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
শুকুৰবাৰ আৰু শনিবাৰে মণিপুৰৰ কামজং, উখৰুল আৰু কাংপোকপি জিলাত পৃথকে পৃথকে সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ৯জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ফলত ৰাজ্যখনত নতুনকৈ হিংসাৰ ঢৌ উঠিছে। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে নিশা কামজং জিলাৰ কুকি-অধ্যুষিত চাছাদ গাঁৱত পাঁচটা সন্তানৰ ২২ বছৰীয়া মাতৃ এগৰাকীক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে শেহতীয়া হিংসাৰ সূত্ৰপাত ঘটে।
এই হত্যাকাণ্ডৰ পিছতে কুকি আৰু নাগা সশস্ত্ৰ গোটসমূহৰ মাজত ব্যাপক গুলীয়াগুলী আৰম্ভ হয়, যি শনিবাৰে পুৱালৈকে অব্যাহত থাকে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইউম্নাম খেমচান্দ সিঙে এই হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা, শান্তি-শৃংখলা ঘূৰাই অনা আৰু সকলো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে ৰাজ্যখনত কুকি আৰু নাগা জনজাতিৰ মাজত চলি থকা গোষ্ঠীগত সংঘৰ্ষত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে ৫০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু বহু ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে।



































