DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত সোমবাৰে ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী আৰম্ভ কৰিলে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই।
সোমবাৰে দুপৰীয়া দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ পৰা এখন বাছেৰে যাত্ৰা আৰম্ভ কৰে ৰাহুল, প্ৰিয়ংকা আৰু খৰ্গেসকলে। তেওঁলোকৰ স’তে আছিল নেহাও। বাৰাখাম্বাৰ ওচৰত বাছৰ পৰা নামি তেওঁলোকে ভিৰৰ মাজত খোজ কাঢ়িবলৈ ধৰে। ইফালে, সোমবাৰে বিয়লি চাৰে চাৰি বজাত কংগ্ৰেছৰ আইনী উপদেষ্টা দলে উচ্চতম ন্যায়ালয়ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আবেদন দাখিল কৰে। তাত উপস্থিত থকাৰ কথা থাকিলেও ৰাহুলে অৱশ্যে তাত উপস্থিত হ’ব নোৱাৰিলে।
শনিবাৰে চিজেপিৰ কাৰ্যসূচীৰ পূৰ্বৰে পৰা দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা নিয়োগ কৰি ৰখা হৈছে। ৰাজধানীখনত ২০ হেজাৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। আগন্তুক এমাহলৈ এই ব্যৱস্থা অব্যাহত থাকিব। শনিবাৰৰ পিছত সোমবাৰেও দিল্লীৰ ছটা মেট্ৰ’ ষ্টেচন বন্ধ ৰখা হয়। বিয়লি পাঁচ বজালৈকে ষ্টেচনকেইটা বন্ধ ৰখা হৈছে।
দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ স’তে সাক্ষাৎ কৰাৰ দাবীত সোমবাৰে উচ্চতম ন্যায়ালয় অভিযানৰ আহ্বান জনাইছিল বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই। দেওবাৰেই তেওঁলোকৰ আবেদন নাকচ কৰে ন্যায়াধীশ কান্তই। সূত্ৰৰ তথ্য অনুসৰি, বিৰোধী শিবিৰৰ আবেদনৰ উত্তৰত তেওঁ মূলতঃ চাৰিটা বিষয় উত্থাপন কৰে। কিয় তেওঁলোকৰ স’তে সাক্ষাৎ কৰিব নোৱাৰিব, তাৰ যুক্তিসংগত ব্যাখ্যাও আগবঢ়ায়।
প্ৰথমতে, ন্যায়াধীশ কান্তই তেওঁলোকক জনায় যে এই অভিযোগসমূহৰ স’তে জড়িত গোচৰ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। সেয়েহে আদালতৰ বাহিৰত এই বিষয়সমূহৰ বিষয়ে আলোচনা কৰা সম্ভৱ নহয়।
দ্বিতীয়তে, দেশৰ সাংবিধানিক গাঁথনিৰ কথা বিৰোধীসকলক সোঁৱৰাই দিয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ জনায় যে এই ধৰণৰ অভিযোগ বিবেচনা কৰা বা তাৰ ভিত্তিত কোনো পদক্ষেপ গ্ৰহণ কৰাটো আদালতৰ প্ৰশাসনিক এক্তিয়াৰৰ ভিতৰত নপৰে।
তৃতীয়তে, মুখ্য ন্যায়াধীশগৰাকীয়ে জনায় যে দেশৰ সংবিধানৰ ৩২ নম্বৰ অনুচ্ছেদ আৰু অন্যান্য অনুচ্ছেদৰ অধীনত আদালতৰ ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা আছে। সেয়েহে সোমবাৰে এই অভিযোগসমূহৰ সন্দৰ্ভত কোনো আবেদন বা গোচৰ দাখিল কৰা হ’লে পিছদিনা, অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তালিকাভুক্ত গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ দিনা সেই আবেদন গ্ৰহণ কৰা হ’ব।
চতুৰ্থতে, দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় দায়বদ্ধ বুলি বিৰোধীসকললৈ লিখা চিঠিখনত উল্লেখ কৰিছে ন্যায়াধীশ কান্তই। তেওঁ জনায় যে নাগৰিকসকলৰ বাবে আদালতৰ দুৱাৰ সদায় খোলা আছে।
এই সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত ন্যায়াধীশ কান্তই কয়, “মই চিঠি পাইছোঁ। নিশাই তাৰ উত্তৰ দিছোঁ। কিয় সাক্ষাৎ কৰিব নোৱাৰিম, তাৰ কেইটামান কাৰণ জনাইছোঁ। চিঠিখনত কি আছে, সেই কথা নকওঁ। তেওঁলোকক সুধি লওক। উচ্চতম ন্যায়ালয়ৰ দুৱাৰ সকলোৰে বাবে খোলা আছে। সাধাৰণ নাগৰিক হওক বা নিৰ্বাচিত সদস্য, যিকোনো ব্যক্তিয়ে যিকোনো আবেদন লৈ আমাৰ ওচৰলৈ আহিব পাৰে। ভাৰতৰ যিকোনো নাগৰিকৰ আদালতলৈ অহাৰ অধিকাৰ আছে। আইন অনুসৰি আমি তেওঁলোকৰ সমস্যাৰ সমাধানৰ চেষ্টা কৰিম আৰু তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিম।”
মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ যুক্তি আগবঢ়ালেও সোমবাৰে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ নেতাসকলে অভিযানত অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে সোমবাৰে দুপৰীয়া দিল্লীৰ কংগ্ৰেছ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। তাতেই তেওঁ দাবী কৰে যে ভয়ত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিশা টোপনি যাব পৰা নাই। সংবাদমেলখনো তেওঁ চাই থকা বুলি দাবী কৰে ৰাহুলে। ৰাহুলৰ দাবী, মোদী চৰকাৰৰ কমেও ২০০গৰাকী বিষয়া বিৰোধীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে আৰু তথ্য যোগান ধৰিছে। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয়, “মই প্ৰধানমন্ত্ৰী মোদীক ক’ব বিচাৰোঁ, আপোনাৰ চৰকাৰৰ ২০০গৰাকী বিষয়া আমাৰ স’তে যোগাযোগত আছে। তেওঁলোকে আমাৰ হাতত তথ্য তুলি দিছে।” ৰাহুলৰ আন এক দাবী অনুসৰি, ৫০ শতাংশ আৰক্ষী বিষয়াই জনাইছে যে বিৰোধীসকলে সঠিক কাম কৰি আছে আৰু প্ৰতিবাদ অব্যাহত ৰখা উচিত।




































