DelhiProtest: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: যন্তৰ-মন্তৰত আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব নোৱাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে।
যন্তৰ-মন্তৰৰ পৰিৱৰ্তে ৰাজধানী দিল্লীৰ তিনিটা স্থান নিৰ্ধাৰণ কৰা হৈছে—ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি ময়দান। এতিয়াৰে পৰা এই তিনিটা স্থানত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব পৰা যাব। ককৰোচ জনতা পাৰ্টি (চিজেপি)-য়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে অনুমতি বিচৰাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দিল্লী আৰক্ষীৰ আয়ুক্ত অনুৰাগ কুমাৰে প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে, “কমিটীৰ পৰামৰ্শ অনুসৰি যন্তৰ-মন্তৰ আৰু প্ৰতিবাদস্থলী হৈ নাথাকিব। প্ৰতিবাদ বা বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে এতিয়া তিনিটা স্থান নিৰ্ধাৰণ কৰা হৈছে—ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি ময়দান।”
এই তিনিটা স্থানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ কেনেদৰে অনুমতি ল’ব লাগিব বা কি কি কৰিব লাগিব, সেই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশনা (এছ অ’ পি) প্ৰকাশ কৰা হ’ব।
১১ অক্টোবৰ, দেওবাৰে দিল্লী আৰক্ষীৰ তৰফৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা তিনিটা স্থানৰ ভিতৰত ৰামলীলা ময়দান পুৰণি দিল্লীত, চিবিডি ময়দান পূব দিল্লীত আৰু বুৰাৰী ময়দান উত্তৰ দিল্লীত অৱস্থিত।
মধ্য দিল্লীৰ যন্তৰ-মন্তৰৰ পৰা এই তিনিওটা ময়দানৰ দূৰত্ব ক্ৰমে ৩ কিলোমিটাৰ, ১৩.৫ কিলোমিটাৰ আৰু ৪৪ কিলোমিটাৰ।
যন্তৰ-মন্তৰৰ ওচৰতে কেবাটাও চৰকাৰী কাৰ্যালয় আছে। সেই অঞ্চলৰ আশে-পাশে যাতে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত নহয়, তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

































