National Low University:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ভাৰতীয় বাৰ কাউন্সিল (বিচিআই)ৰ অধ্যক্ষ তথা বিজেপি সাংসদ মনন কুমাৰ মিশ্ৰৰ আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণৰ প্ৰৱল বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীসকল সৰৱ হৈ উঠাত অৱশেষত সমাবর্তন অনুষ্ঠান বাতিল কৰিলে বাংগালুৰুস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ে। ইয়াৰ লগে লগে এই কথা স্পষ্ট হৈছে যে নিজেই চপাই লোৱা বিতৰ্কৰ পৰা দুয়ো ৰেহাই পোৱা নাই।
উল্লেখ্য যে অহা ১২ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খনৰ ৩৪ সংখ্যক বার্ষিক সমাৱৰ্তন অনুষ্ঠানলৈ কর্তৃপক্ষই দেশৰ মুখ্য ন্যায়াধীশ কান্ত আৰু বাৰ কাউন্সিলৰ মুৰব্বী মিশ্রক আমন্ত্রণ জনাইছিল। দুয়োকে অনুষ্ঠানলৈ আমন্ত্রণ প্রক্রিয়া চলি থকা অৱস্থাতে হায়দৰাবাদস্থিত অগ্রণী আইন শিক্ষা আৰু গৱেষণা প্রতিষ্ঠান নালছাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ অংশগ্ৰহণৰ মুকলি বিৰোধিতা কৰে। এনে অৱস্থাতে বাৰ কাউন্সিলৰ অধ্যক্ষ মিশ্রই নালছাৰ ২০২৬ বৰ্ষৰ ডিগ্রীধাৰীসকলক দেশৰ কোনো ৰাজ্যৰ বাৰ কাউন্সিলতে অধিবক্তাৰূপে পঞ্জীয়নৰ সুযোগ নিদিবলৈ নিৰ্দেশ জাৰি কৰে।
অৱশ্যে এই নির্দেশে দেশজুৰি প্ৰৱল প্রতিক্ৰিয়াৰ সৃষ্টি কৰাত বাৰ কাউন্সিলে নির্দেশনাটোৰ জাৰিৰ কেইঘণ্টামান পাছতে নির্দেশনাটো বাতিল কৰে। তৎসত্ত্বেও প্রতিক্রিয়া অব্যাহত আছে। বিভিন্নজনে বাৰ কাউন্সিলৰ মুৰব্বী মিশ্ৰৰ পদত্যাগ দাবী কৰি আজিও সৰৱ হৈ আছে। উল্লেখ্য যে নালছাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে সমাবর্তনত আমন্ত্রিত অতিথিৰূপে দেশৰ মুখ্য ন্যায়াধীশৰ অংশগ্ৰহণৰ বিৰোধিতাৰ কাৰণ আছিল দিল্লীৰ যোৱা ২০ জুলাইৰ ককৰোচ জনতা পার্টিব ‘সংসদ চলো’ সমদলত নিৰাপত্তা বাহিনীয়ে চলোৱা পাশরিক নির্যাতন সন্দর্ভত মুখ্য ন্যায়াধীশ কান্তে নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছিল।
মুখ্য ন্যায়াধীশৰ এই কাৰ্যৰ বিৰোধিতা কৰি নালছাৰ বিশ্ববিদ্যালয়ৰ সাত শতাধিক ছাত্র-ছাত্রী আৰু প্রাক্তন ছাত্ৰ-ছাত্ৰী সৰৱ হৈ উচ্চ শিক্ষানুষ্ঠানখনৰ সমাবর্তন অনুষ্ঠানত কান্তৰ অংশগ্ৰহণৰ মুকলি বিৰোধিতা কৰে। ইয়াকে লৈ বাৰ কাউন্সিলৰ মুৰব্বী মিশ্রই যোৱা ১৩ আগষ্টত নালছাৰ বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ ডিগ্রীধাৰীসকলক দেশৰ কোনো বাৰ কাউন্সিলতে অধিবক্তাৰূপে পঞ্জীয়নৰ সুযোগ নিদিবলৈ এক অকল্পনীয় নির্দেশ জাৰি কৰে। ইয়াকে লৈ দেশ উত্তাল হোৱাত বাৰ কাউন্সিলে ততাতৈয়াকৈ নির্দেশনাটো বাতিল কৰে। বাৰ কাউন্সিলৰ দ্বাৰা এনে নির্দেশ জাৰি কাৰ্যক বাংগালুৰুৰ ৰাষ্ট্ৰীয় আন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৱ প্রকাশৰ স্বাধীনতাত আক্রমণ আখ্যা দিছে।
লগতে বিশ্ববিদ্যালয়খনৰ আগন্তুক সমাবর্তন অনুষ্ঠানত মুখ্য ন্যায়াধীশ কান্ত আৰু বাৰ কাউন্সিলৰ মুৰব্বী মিশ্ৰৰ বিৰোধিতা কৰিছে এই ছাত্র-ছাত্রীসকলে। ইয়াক লৈ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে বিশ্ববিদ্যালয় কর্তৃপক্ষই আগন্তুক সমাৱৰ্তন অনুষ্ঠান বাতিল কৰিছে। পূৰ্বৰ দৰে সমাৱৰ্তন অনুষ্ঠানত ডিগ্রী প্ৰদানৰ পৰিৱৰ্তে কুৰিয়াৰযোগে বা বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত প্রদান কৰিব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই ঘোষণা কৰিছে। বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি এই সংক্রান্তীয় নির্দেশনা পৰৱৰ্তী সময়ত জাৰি কৰা হ’ব।






























