তিনিচুকীয়া: ৪ ছেপ্টেম্বৰ: আমাৰ ধৈৰ্য্যৰ বান্ধ চিঙিছে। শ্ৰমিক নেতা নে হিটলাৰৰ নীতিৰে পৰিচালিত হৈছে যুগান্তকাৰী এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন। ৰে’ল শ্ৰমিক সংগঠনটোৰ তিনি গৰাকী কেন্দ্ৰীয় নেতা পদত্যাগৰ পিছতে এই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ এন এফ ৰেলৱেত। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোৱা হৈছে যে পীয়ুষ চক্ৰৱৰ্তীয়ে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ শিঙৰী ঘৰত উঠিয়ে কাটিহাৰ মণ্ডলৰ মাণ্ডলিক কনভেনাৰ সঞ্জয় গোস্বামী, লামডিং মণ্ডলৰ মাণ্ডলিক কনভেনাৰ তৰুণ চৌধুৰী আৰু ৰঙিয়া মণ্ডলৰ মাণ্ডলিক কনভেনাৰ সম্ৰাট মিত্ৰকে ধৰি আন কেইবাটাও শাখাত স্বেচ্ছাচাৰীতাৰে আৰম্ভ কৰে অংগখটৰ কুটিল ৰাজনীতি।
ইয়াকে লৈ সমগ্ৰ শ্ৰমিক সংগঠনটোৰ ভিতৰে বাহিৰে জ্বলি আছিল বিদ্ৰোহৰ জুই। কোৱা হৈছে যে এটা সময়ত ৰে’ল শ্ৰমিক কৰ্মচাৰী সকলৰ একমাত্ৰ শক্তিশালী সংগঠন ৰূপে অভিহিত কৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত এতিয়া চলিছে ক্ষমতাৰ লালসাত লতাকটা ৰণ। এই ৰে’ল শ্ৰমিক সংগঠনৰ নেতৃত্বতে ১৯৭৪ ত যুগান্তকাৰী ৰে’ল ধৰ্মঘট কৰি ইতিহাস ৰচনা কৰিছিল। জৰ্জ ফাৰ্ণাণ্ডেজ,প্ৰিয় গুপ্ত, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, জননেতা নিবাৰণ বৰা আদি নেতাৰ নীতি আদৰ্শৰে পৰিচালিত শ্ৰমিক সংগঠনটো চাওতে চাওতে পতনৰ দিশে গতি কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰে’ল শ্ৰমিক সকলে আৰু কয় যে কোন কাহানিবাই ৰেলৱে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিও ঐতিহাসিক ৰে’ল শ্ৰমিক সংগঠনটোৰ ক্ষমতাৰ মোহত আচ্ছন্ন নেতাৰ বাবেই যদুকুললৈ পৰ্যবসিত হৈছে মজদুৰ ইউনিয়ন। তাৎপৰ্যপূৰ্ণ ভাৱে ক্ষমতাৰ খকত বলিয়ান নেতাৰ বিৰুদ্ধে আন আন প্ৰান্তৰ লগতে তিনিচুকীয়াতো জাঙুৰ খাই উঠিছে ৰে’ল শ্ৰমিক কৰ্মচাৰী সকল। ইয়াকে লৈ এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত তুংগত উঠিছে বিসম্বাদ।
তিনি কেন্দ্ৰীয় নেতাৰ পদত্যাগৰ পিছতে তিনিচুকীয়া মণ্ডলৰ ৰে’ল শ্ৰমিক কৰ্মচাৰী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কয় যে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক প্ৰদীপ চক্ৰৱৰ্তী, সহকাৰী সাধাৰণ সম্পাদক সম্ৰাট মিত্ৰ আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা প্ৰিয়লতা সোণোৱালে সাধাৰণ সম্পাদক পীয়ুষ চক্ৰৱৰ্তীৰ হিটলাৰী নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি পদত্যাগ কৰিছে। উল্লেখ্য যে এই তিনি গৰাকী নেতাৰ ভিতৰত প্ৰদীপ চক্ৰৱৰ্তী আৰু প্ৰিয়লতা সোণোৱাল হৈছে তিনিচুকীয়া মণ্ডলৰ। তিনি নেতাৰ পদত্যাগৰ পিছতে এন এফ ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলকে ধৰি লামডিং, মালিগাঁও, ৰঙিয়া, আলিপুৰ দুৱাৰ আৰু কাটিহাৰ মণ্ডলত স্বৈৰাচাৰী শাসন চলোৱা সাধাৰণ সম্পাদক পীয়ুষ চক্ৰৱৰ্তীৰ বিৰুদ্ধে সমৰ্থক সকল জাঙুৰ খাই উঠাৰ সমান্তৰালকৈ ৰে’ল শ্ৰমিক কৰ্মচাৰী সকলেও অৱসৰপ্ৰাপ্ত নেতা “পীয়ুষ পন্থী হটাও মজদুৰ ইউনিয়ন বচাও” অভিযান তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। তাৎপৰ্যপূৰ্ণ এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ এনে অচলাৱস্থাত কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।































