World Heritage Site status in Rangpur-Shivsagar:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ঐতিহ্যহাসিক চৰাইদেউ মৈদামে UNESCO বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ পিছত এইবাৰ ৰংপুৰ-শিৱসাগৰেও বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অসম চৰকাৰৰ অহৰহ প্ৰচেষ্টাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে চলিতবৰ্ষৰ ১৯ জুনত আনুষ্ঠানিকভাৱে UNESCOৰ ওচৰত দাখিল কৰিলে৷ মনোনয়ন ৷
এই কথা সামাজিক মাধ্যম যোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ পোষ্টটোত উল্লেখ কৰে যে,অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন। প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্র উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে এখোজ আগবাঢ়িছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অনন্য স্থাপত্য কাৰু-কৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই গৌৰৱ। ২০২৪ চনত চৰাইদেউৰ মৈদামে লাভ কৰা বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পাছত ৰংপুৰ-শিৱসাগৰক লৈ এই পদক্ষেপে আহোম সভ্যতাৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত আৰু অধিক উজলাই তুলিব।
চৰাইদেউত আহোম ৰাজবংশৰ স্মৃতি, শিৱসাগৰত তেওঁলোকৰ শাসনৰ গৌৰৱ– দুয়ো মিলি সমৃদ্ধ কৰি আহিছে অসমৰ আহোম ইতিহাসৰ মহাগাথা। অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।































