দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গোলাঘাটৰ সমীপতে কার্বি আংলং জিলাৰ দেওথৰত প্রতি শনিবাৰে পুৱাৰ ভাগতে বহে এখন ব্যতিক্রমী বজাৰ। কোনো আড়ম্বৰ নাই, নাই কৃত্রিমতাৰ পৰশ। গাঁৱৰ মাটিৰ গোন্ধ, খাটিখোৱা কৃষকৰ শ্ৰম আৰু প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰা বিভিন্ন প্ৰজাতিৰ সেউজীয়া শাক-পাচলিৰে প্রতি শনিবাৰে উজলি উঠে এই বজাৰখন।
গোলাঘাট জিলাৰ গাতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লৱণঘাটেদি আগুৱাই গ’লেই পোৱা যায় দেওথৰৰ এই শনিবৰীয়া বজাৰখন। পুৱাই মূৰত, হাতত অথবা বাঁহৰ পাচিত শাক-পাচলিৰ টোপোলা লৈ বহু মহিলা তথা কৃষক বজাৰখনলৈ ওলাই আহে। কোনোবাই লৈ আহে নিজে উৎপাদন কৰা শাক-পাচলি, কোনোবাই সংগ্ৰহ কৰি আনে বিভিন্ন প্ৰজাতিৰ বনশাক।
বজাৰখনৰ অন্যতম আকর্ষণ হৈছে সাধাৰণতে সহজে উপলব্ধ নোহোৱা বিভিন্ন থলুৱা বনশাক আৰু সেউজীয়া শাক-পাচলি। কিছুমান শাকৰ নামেই বহু লোকৰ অচিনাকি। অথচ স্থানীয় লোকসকলৰ মতে, এইবোৰৰ বহুতে পৰম্পৰাগতভাৱে ঔষধি গুণসম্পন্ন খাদ্য হিচাপেও স্থান লাভ কৰি আহিছে।
ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ পৰা আঁতৰি থলুৱাভাৱে উৎপাদিত শাক-পাচলিৰ বাবেও বজাৰখনৰ এক সুকীয়া চাহিদা আছে। সেউজীয়া শাক-পাচলিৰ উপৰি বজাৰখনত মাছ, মাংস, ঘৰুৱাভাৱে প্ৰস্তুত কৰা শুকান মাছকে ধৰি বিভিন্ন থলুৱা খাদ্য-সম্ভাৰো বিক্ৰী কৰা হয়।
ফলত দেওথৰৰ এই বজাৰখন কেৱল বেচা-কিনাৰ স্থান হৈ থকা নাই; ই গ্রাম্য জীৱন, খাদ্য সংস্কৃতি আৰু থলুৱা অর্থনীতিৰো এখন জীৱন্ত প্রতিচ্ছবি হৈ পৰিছে। দেওথৰৰ শনিবৰীয়া বজাৰৰ আন এক উল্লেখযোগ্য দিশ হৈছে মহিলাৰ সক্রিয় অংশগ্রহণ।
পুৰুষৰ সমানে সমানে বহু মহিলাই নিজ হাতে উৎপাদন কৰা অথবা প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰা শাক-পাচলি বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰে।
বিশেষকৈ আদবয়সীয়া বহু মহিলাই বয়সক প্রত্যাহ্বান জনাই আজিও অব্যাহত ৰাখিছে জীৱন-জীৱিকাৰ এই সংগ্রাম। বজাৰত বিক্ৰী কৰা সামগ্ৰীৰ পৰা লাভ কৰা উপাৰ্জন হয়তো বৰ বেছি নহয়, কিন্তু সেই উপার্জনেই তেওঁলোকৰ বাবে আত্মনিৰ্ভৰশীলতাৰ এক গুৰুত্বপূৰ্ণ সম্বল।
এগৰাকী মহিলাৰ হাতত শাক-পাচলিৰ টোপোলা, মুখত পৰিশ্ৰমৰ চিন আৰু চকুত আত্মনিৰ্ভৰশীলতাৰ তৃপ্তি-দেওথৰৰ শনিবৰীয়া বজাৰত দেখা পোৱা এই দৃশ্যই গ্রাম্য অসমৰ নাৰী শক্তিৰ এখন সুন্দৰ ছবি দাঙি ধৰে। কিন্তু সম্ভাবনাময় এই বজাৰখনৰ আনখন ছবিও কম উদ্বেগজনক নহয়।
আন্তঃগাঁথনিৰ অভাৱত বজাৰখনৰ ব্যৱসায়ী আৰু ক্রেতাসকলে বিভিন্ন সমস্যাৰ সম্মুখীন হ’বলগীয়া হয়। বিশেষকৈ বৰষুণৰ সময়ত বজাৰ চৌহদ বোকা-পানীৰে একাকাৰ হৈ পৰাৰ লগতে জৰাজীৰ্ণ বাট-পথে যাতায়াততো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। স্থানীয় ৰাইজৰ মতে, নিয়মীয়াকৈ ব্যৱসায় চলি থকা এই বজাৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাতায়াতৰ ব্যৱস্থা সুচল কৰিলে বজাৰখনৰ অধিক বিকাশৰ সম্ভাৱনা আছে।
থলুৱা কৃষিজাত সামগ্রী, বনশাক আৰু পৰম্পৰাগত খাদ্য-সম্ভাৰৰ এখন সুসংগঠিত বিপণন কেন্দ্রৰূপেও বজাৰখনে গুৰুত্ব লাভ কৰিব পাৰে। সেয়ে স্থানীয় ৰাইজে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু অসম চৰকাৰৰ ওচৰত বজাৰখনৰ আন্তঃগাঁথনি উন্নয়ন, বাট-পথ মেৰামতি আৰু ব্যৱসায়ীসকলৰ বাবে ন্যূনতম সা-সুবিধা প্রদানৰ দাবী জনাইছে।
দেওথৰৰ শনিবৰীয়া বজাৰখন প্ৰকৃততে কেৱল এখন সাপ্তাহিক বজাৰ নহয়। এয়া খাটিখোৱা কৃষকৰ শ্ৰমৰ বজাৰ, গ্রাম্য মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ মঞ্চ আৰু থলুৱা খাদ্য-সংস্কৃতিৰ এক জীৱন্ত ভঁৰাল। মাটিৰ স’তে সম্পর্কিত কৃষকৰ শ্ৰম আৰু নীৰৱে জীৱন সংগ্রাম চলাই যোৱা গ্রাম্য মহিলাৰ আত্মনিৰ্ভৰশীলতাই দেওথৰৰ এই শনিবৰীয়া বজাৰখনক এক সুকীয়া পৰিচয় দিছে।
প্রয়োজন কেৱল চৰকাৰী মনোযোগ, উন্নত আন্তঃগাঁথনি আৰু সুচল যাতায়াত ব্যৱস্থা। তেতিয়াহে থলুৱা উৎপাদন, গ্রাম্য অর্থনীতি আৰু নাৰী আত্মনিৰ্ভৰশীলতাৰ এই ব্যতিক্রমী বজাৰখনে লাভ কৰিব পাৰে এক নতুন আৰু সুসংগঠিত পৰিচয়।































