SamanthaRuthPrabhu: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অন্তঃসত্ত্বা হোৱাৰ সময়খিনি বাৰুকৈয়ে উপভোগ কৰিছে তেলুগু ছবিৰ অভিনেত্রী ছামান্থা ৰুথ প্রভুৱে। সম্প্রতি তেওঁ ইনষ্টগ্রামত ‘আস্ক মি এনিথিং’ পৰ্বত অনুৰাগীৰ নানা প্ৰশ্নৰ উত্তৰ দিছে।
সমান্তৰালকৈ অনুৰাগীসকলৰ মাতৃত্বৰ বিভিন্ন অভিজ্ঞতাও শুনিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে। এগৰাকী অনুৰাগীয়ে লিখিছিল যে তেওঁৰ ওজন বৃদ্ধি পাইছে।
ইয়াৰ উত্তৰত ছামান্থাই লিখিছে, ‘ময়ো বুজিব পাৰিছো। ইতিমধ্যেই ১১ কেজি বৃদ্ধি পাইছে।
‘ অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজতে মাতৃত্বক কেন্দ্ৰ কৰি ছামান্থাৰ স্বীকাৰোক্তি, ‘ভবা নাছিলো যে এই সমগ্ৰ বিষয়টোৰ বাবে মোৰ নিজকে ইমান ক্ষমতাশালী যেন ধাৰণা হ’ব। আগতে ভাবিছিলো যে অধিকাংশ সময়তে হয়তো অত্যন্ত চাপত থাকিম; কিন্তু তেনেকুৱা হোৱা নাই।’
এক অনুৰাগীয়ে তেওঁক প্রশ্ন কৰে, ‘এই সময়খিনি বাৰু উপভোগ কৰিছেনে?’ অভিনেত্ৰীয়ে উত্তৰত লিখিছে, ‘মন ভৰি সম্পূৰ্ণৰূপে উপভোগ কৰিছো।
উল্লেখ্য যে ছামান্থা আৰু তেওঁৰ স্বামী ৰাজ নিদিমুৰুৱে সম্প্রতি তেওঁলোকৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰিছে। এই মুহূৰ্তত ছামান্থা মাতৃত্বকালীন ছুটীত আছে। এক সাক্ষাৎকাৰত তাৰকাগৰাকীয়ে জনাইছে যে বহু দিনৰ পৰাই তেওঁ মাতৃ হ’বলৈ বিচাৰি আছিল ।































