ChicagoUniversity : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বুদ্ধিমত্তা (এআই)ৰ বৰ্ধিত ব্যৱহাৰে শিক্ষাকে ধৰি কেতবোৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা বুলি সততে চর্চা হ’বলৈ ধৰিছে। ছাত্র-ছাত্রীয়ে পাঠ্যপুথি অধ্যয়ন কৰি পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ পৰিৱৰ্তে কৃত্রিম বুদ্ধিমত্তাৰ আশ্রয় লোৱা বুলি চর্চা হয়।
এনে অৱস্থাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত চিকাগো বিশ্ববিদ্যালয়ে সমাজ বিজ্ঞানৰ মূল পাঠ্যক্রমসমূহৰ শ্রেণীকোঠাত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। আগন্তুক ২০২৬-২৭ শিক্ষা বৰ্ষৰ পৰাই বিশ্ববিদ্যালয়খনৰ অধীনৰ সমাজ বিজ্ঞানৰ শ্ৰেণীকোঠাসমূহত ছাত্র-ছাত্রীসকলে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব নোৱাৰিব।
তাৰ পৰিৱৰ্তে পূৰ্বৰ দৰে পাঠ্যপুথি অধ্যয়ন কৰি পৰীক্ষাৰ বাবে প্রস্তুতি চলাব লাগিব। পাঠ্যপুথি প্রশ্নসমূহৰ উত্তৰ পাঠ্যপুথিতে ছাত্র-ছাত্রীসকলে বিচাৰিব লাগিব আৰু কলমবে বহীত লিখিব লাগিব। অর্থাৎ এই শ্রেণীকোঠাসমূহত লেপটপ, স্মার্টফোন আদি ছাত্র-ছাত্রীসকলে ব্যৱহাৰ কৰিব নোৱাৰিব।
বিশ্ববিদ্যালয়খনৰ সমাজ বিজ্ঞানৰ কলেজিয়েট ডিভিজনে দিয়া নতুন নির্দেশনা অনুসৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই এই ব্যৱস্থা গ্রহণ কৰিছে। কেৱল সেয়াই নহয়, এআইৰ সহায়ত লিখা লেখাও বিশ্ববিদ্যালয়ে নিষিদ্ধ কৰিছে। তদুপৰি পাঠ্যক্রমসমূহৰ ছিলেবাছো মানুহে প্রস্তুত কৰিব লাগিব।
অর্থাৎ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ ছাত্র-ছাত্রীসকলক কিতাপ-কাগজৰ জগতলৈ প্রত্যাবর্তন কৰাব বিচৰা হৈছে। এই সম্পর্কত বিশ্ববিদ্যালয়খনে প্রকাশ কৰা অনুসৰি শ্ৰেণীকোঠাত কেবল প্রযুক্তি ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে এই ব্যবস্থা লোৱা হোৱা নাই। বৰঞ্চ কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সমাজ বিজ্ঞানৰ ছাত্র-ছাত্রীসকলে পঢ়িব, লিখিব আৰু চিন্তা কৰাটো বিচৰাৰ বাবে এই ব্যবস্থা গ্রহণ কৰা হৈছে।
সেই অনুসৰি শ্ৰেণীকোঠাসমূহৰ সাজনো কৃত্রিম বুদ্ধিমত্তামুক্ত কৰি তোলা হৈছে। একেদৰে পাঠ্যক্রমসমূহো আলোচনা নিৰ্ভৰ, বিষয়বস্তু সম্পর্কত মুখামুখিকৈ আলোচনাৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে শ্রেণীকোঠাত লেপটপ কম্পিউটাৰ অধ্যয়নৰ পৰিবর্তে ছপা কিতাপ পঢ়িব লাগিব।
শিক্ষকৰ স’তে বিষয়বস্তু সম্পর্কত আলোচনা কৰিব লাগিব। মেজত লেপটপৰ পৰিৱৰ্তে হাতে লিখা টোকাৰ ব্যৱস্থা কৰা হ’ব। অৱশ্যে বিশ্ববিদ্যালয়খনে সম্পূর্ণরূপে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ নিষিদ্ধ কৰা নাই। এই নিষেধাজ্ঞাৰ পৰা নির্দিষ্ট শৈক্ষিক উদ্দেশ্যত প্রযুক্তিৰ ব্যৱহাৰক বাহিৰত ৰখা হৈছে।
এখন কিতাপ পুথিভঁৰালৰ ক’ত পোৱা যাব সেই সম্পর্কীয় তথ্যও কৃত্রিম বুদ্ধিমত্তা ব্যবহাৰ কৰি ছাত্ৰ-ছাত্রীয়ে সংগ্ৰহ কৰিব পাৰিব। একেদৰে বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীয়ে ব্যৱহাৰ কৰা প্ৰযুক্তিগত আহিলাও পূৰ্বৰ দৰে ব্যৱহাৰ কৰি থাকিব পাৰিব।































