Heroin seized in Majuli:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:সত্ৰ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ নিষিদ্ধ ড্রাগছ সংগোপনে সৰবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰয়ে ৷ সত্রভূমিৰ সচেতন মহলৰ অভিযোগৰ ভিত্তিত মাজুলী আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে৷ ইয়াৰ মাজতে মঙলবাৰে নিশা আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই হে’ৰইন সহ তিনি ড্রাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী তিনিটা হ’ল ভাগেশ্বৰ দলে, ৰাজ দেউৰী আৰু জিন্টু দলে।
ADVERTISEMENT































