Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নিৰাপত্তা বেষ্টনীৰ মাজত থকা নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ ৷ দিন দুপৰতে চোৰৰ চাফাই অভিযান। নগাঁও সংসদীয় উপ- নিৰ্বাচনৰ বাবেঅত্যন্ত ব্যস্ততাৰ মাজতে চোৰে লুটি নিলে বৃহৎ পৰিমাণৰ বৈদ্যুতিক তাঁৰ৷ ইলেক্ট্ৰিচিয়ানৰ ভেশত আহি চুৰি লুটি নিলে বৈদ্যুতিক তাঁৰ৷ যাৰ ফলত সদাব্যস্ত কাৰ্যালয়ত অনলাইন কামৰ বাবে ব্যৱহৃত কম্পিউটাৰ সমূহ হঠাতে বিকল হৈ পৰাত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
ADVERTISEMENT






























