Zubeen Murder Case:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ শুনানি দৈনিক ক্ষিপ্ৰতাৰে চলি আছে ন্যায়াধীশ শৰ্মিষ্ঠা ভূঞা ফাষ্টট্ৰেক আদালতত ৷ আদালতৰ চমন অনুসৰি ছিংগাৰপুৰৰ প্ৰবাসী অসমীয়া এগৰাকীয়ে ইতিমধ্যেই আদালতত সাক্ষ্য দি যোৱাৰ পিছত সাক্ষ্যদানৰ বাবে মঙলবাৰে আন এগৰাকী প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামীয়ে উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰিছিল ৷ সাক্ষ্য আধৰুৱা হোৱা বাবে বুধবাৰে দ্বিতীয়বাৰৰ বাবে পুনৰ গোস্বামীয়ে উপস্থিত হয় আদালত।
ADVERTISEMENT
উল্লেখ্য যে ছিংগাপুৰৰ য়ট পার্টিত আছিল সুস্মিতা গোস্বামী। সুস্মিতাৰ ম’বাইলত আৱদ্ধ হৈছিল জুবিনৰ শেষ ভিডিঅ’ সমূহ ৷































