Cattle Seized in Khetri:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যৰ শেহতীয়াকৈ বৃদ্ধি পাইছে গৰুৰ অবৈধ সৰবৰাহ ৷ বৃহস্পতিবাৰে নিশা মহানগৰীৰ পাশ্বৱৰ্তী ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন ৷ মৰিগাঁৱৰ পৰা মেঘালয়লৈ নি থকা পথত টেঘেৰীয়াত স্থানীয় ৰাইজে
এমএল-১০ এন-৪২৪২নম্বৰৰ গৰুভৰ্তি বাহন খনত তালাচী চলাই প্ৰায় উদ্ধাৰ ১৪টাকৈ গোধন বাহন সহ সৰবৰাহকাৰীক আবদ্ধ কৰি ৰাখে I পিছত ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন সহ চোৰাং গৰু কেইটা জব্দ কৰাৰ লগত ৫ সৰবৰাহকাৰীকো আটক কৰে ৷ ধৃত সৰবৰাহকাৰী কেইট হ’ল শ্যাম নগকলেম, পৰেশ বৈশ্য,চেইন ব্ৰ মাৰাক, চান্দ কেলেং আৰু মিণ্টু ইংতি ৷

ADVERTISEMENT































