RamanujGoswamiDeath: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পত্নী ৰিয়াক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ মৃত্যু।
ADVERTISEMENT
আজি পুৱতি নিশা প্ৰায় তিনি বজাত ৰামানুজক GMCHলৈ লৈ যোৱা হয়। আজি উমলিছিল তেওঁৰ সাত দিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ।
তথ্য অনুসৰি পাহাৰৰ ওপৰৰ পৰা পৰি ৰামানুজৰ মৃত্যু হয়।
উল্লেখ্য যে, পত্নী ৰিয়াক অতি নৃশংসভাৱে হত্যা কৰি তেওঁৰ কটা মূৰ ফ্ৰীজত ভৰাই থোৱাৰ অভিযোগ উঠিছিল ৰামানুজৰ বিৰুদ্ধে। ইয়াৰ উপৰি ৰিয়াৰ হাতৰ আঙুলিও কাটি পেলোৱাৰ অভিযোগ আছিল।
আৰক্ষীৰ জিম্মাত থকা সময়ছোৱাতো পত্নীৰ কটা আঙুলিক লৈ ৰামানুজে আৰক্ষীক কোনো তথ্য জনোৱা নাছিল।































