ExtremeTemperature: আজন্ম চিনাকি পানীৰ চকুত নপৰা বৈশিষ্ট্য অনেক। জীৱৰ বাবে প্রাণ বুলি কোৱা পানী হৈছে একপ্ৰকাৰৰ সাৰ্বজনীন দ্রাৱক। অর্থাৎ বহু বস্তু পানীত ডুব যায়। আকাশৰ পৰা সৰি পৰা পানী আমি খাওঁ, গা ধুওঁ, সাঁতোৰো। এনেদৰে বিভিন্ন কাম পানীৰে কৰো।
বহুতৰে জ্ঞাত নহ’লেও সত্য যে পানী শীতল কৰিলে ইয়াৰ ঘনত্ব হ্রাস পায়। পানীৰ পৃষ্ঠ টান আচহুৱা ধৰণে উচ্চ। একেদৰে পানী উতলালেও ইয়াৰ বৈশিষ্ট্য সুকীয়া হয়। একেদৰে পানীৰ পৰা বৰফো হয়।
কিন্তু শেহতীয়াভাৱে চাপ আৰু তাপ সলনি কৰি বিজ্ঞানীসকলে এক অকল্পনীয় উষ্ণতাত বৰফ সৃষ্টি কৰিছে। এই আচহুৱা বৰফ ২,৩৫৭ডিগ্রী চেলচিয়াছ উষ্ণতাত বিজ্ঞানীসকলে তৈয়াৰ কৰিছে। স্বাভাৱিকতে বহুতৰ বাবে এই কথা অবিশ্বাস্য হ’ব।
কিন্তু পানীৰ আচহুৱা বৈশিষ্ট্যৰ বলত বিজ্ঞানীসকলে ইয়াকো সম্ভৱ কৰিছে। বহুতে ধাৰণা কৰিব যে এনে অকল্পনীয় উষ্ণতাত পানী গেছত পৰিণত হ’ব আৰু ইয়াৰ অক্সিজেন আৰু হাইড্র’জেন সুকীয়া পৰমাণুলৈ ৰূপান্তৰিত হ’ব; কিন্তু কার্যক্ষেত্রত সেয়া নঘটিল।
বিজ্ঞানীসকলে কৈ আহিছে যে তৰলৰূপে পানী অতিশয় আচহুরা। ইয়াৰ আচৰণ আন তৰলৰ পৰা সম্পূর্ণরূপে সুকীয়া। লক্ষ্যণীয় যে যেতিয়া পানী গেছত পৰিণত হয় তেতিয়া ইয়াৰ প্ৰসাৰ ঘটে। বহু চাপত অৱশ্যে পানীৰ এনে প্ৰসাৰ বাধাগ্রস্ত হয়।
এনে অৱস্থাত পানীৰ ঘনত্ব অস্বাভাৱিক ধৰণে অধিক হয়। বিশেষকৈ এই পৰিস্থিতি পৃথিৱীৰ উপৰিভাগৰ বাহিৰত দেখা যায়। শেহতীয়াভাবে ফ্রেন্স অলটাৰনেটিভ এনার্জিছ শীৰ্ষক ফৰাচী সংস্থা আৰু দেশখনৰ পৰমাণু শক্তি আয়োগৰ একাংশ বিজ্ঞানীয়ে ২,৩৫৭ ডিগ্রী চেলচিয়াছ উষ্ণতাত পানীৰ পৰা বৰফ তৈয়াৰ কৰিছে।
এক্সৰেৰ জৰিয়তে এই বৰফৰ স্ফটিকৰ গঠন অধ্যয়নো কৰিছে বিজ্ঞানীৰ দলটোৱে। এই অভাৱনীয় কাণ্ডৰ নেতৃত্ব দিয়ে পদার্থ বিজ্ঞানী এলেক্সিছ ফৰেষ্টিয়াৰে। এই বৰফৰ স্ফটিক গৰম কৰাত ইয়াৰ প্ৰসাৰণে অতি শব্দীয় আচৰণ প্ৰদৰ্শন কৰে।
অৱশ্যে পূর্বেও বিজ্ঞানীসকলে এনে বৰফ সৃষ্টি কৰিছিল। অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ বিজ্ঞানীসকলে এনে বৰফৰ স্ফটিকৰ গঠন সম্পর্কে অধিক তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। পূৰ্বৰ পৰীক্ষাত বিজ্ঞানীসকলে এক অচিনাক্ত এক্সৰেৰ জৰিয়তে এনে বৰফৰ গঠন লক্ষ্য কৰিছিল।




































