দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেৱল নিৰাশাবাদী কিতাপ হাতত ৰাখিলে বুলিয়ে এজন মানুহ অপৰাধী নহয়। জম্মু-কাশ্মীৰ প্রশাসনে নিষিদ্ধ কৰা একাংশ গ্রন্থ লগত ৰখাৰ বাবে আটক কৰা এজন কাশ্মীৰী পণ্ডিতক অভিযোগমুক্ত কৰি এই মন্তব্য কৰিছে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে কাশ্মীৰৰ কুপৱাৰাৰ ছাফাত মকবুল ৱানি নামৰ এই পণ্ডিতজনক যোৱা বছৰ জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৰাজহুৱা সুৰক্ষা আইন (পিএছএ) ৰ অধীনত আটক কৰিছিল। ইয়াৰ কাৰণ আছিল তেওঁ জম্মু-কাশ্মীৰ প্রশাসনে নিষিদ্ধ কৰা কাশ্মীৰৰ ইতিহাস সম্পর্কীয় ২৫ খন গ্রন্থ লগত ৰাখিছিল। বানিৰ পিতৃ প্রাক্তন বিচ্ছিন্নতাবাদী হোৱাটোকো প্রশাসনে বিষয়টোৰ স’তে সংযোগ স্থাপন কৰিছিল।
তদুপৰি তেওঁ আন্তর্জাতিক শৈক্ষিক সম্মিলনলৈ আমন্ত্রণ পাইছিল। এবছৰ ধৰি তেওঁক আটক কৰি ৰখাৰ পাছত যোৱা সপ্তাহত জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে তেওঁক অভিযোগমুক্ত কৰে। এই সম্পর্কীয় ৰায়ত ন্যায়াধীশ মোক্ষা খাজুৰিয়া কাজমিয়ে কয়, ‘অভিযুক্ত অভিযোগকাৰীৰ নামৰ বিপক্ষে কোনো কূটাঘাতমূলক কার্যকলাপত লিপ্ত হোৱাৰ প্ৰমাণ নাই।
অভিযুক্তক আটক কৰা কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহী নির্দিষ্ট কোনো কামত লিপ্ত থকাৰ কথাও উল্লেখ কৰিব নোৱাৰিলে।’ ইয়াৰ পূর্বে অভিযুক্তজন বেআইনী কাম-কাজ (প্ৰতিৰোধ) আইনৰ অধীনতো গ্ৰেপ্তাৰ হৈছিল। এই গোচৰত তেওঁ ইতিমধ্যে জামিন লাভ কৰিছে।
যোৱা সপ্তাহত তেওঁক উচ্চ ন্যায়ালয়ে ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত আটক কৰা গোচৰতো অভিযোগমুক্ত কৰে। ৱানি সম্পৰ্কত এই নির্দেশ জাৰিৰ সময়ত ন্যায়ালয়ে জম্মু-কাশ্মীৰ আৰক্ষীক ককৰ্থনাও কৰে। ন্যায়ালয়ে কয়, ‘যিসমূহ গ্রন্থ লগত ৰখাৰ বাবে অভিযুক্তক আটক কৰা হ’ল, সেই গ্রন্থসমূহ অভিযুক্তই ৰচনা কৰা নহয়। এজন বিদ্বৎ পণ্ডিতে বিভিন্ন ধৰণৰ গ্ৰন্থ লগত ৰাখিব পাৰে। গতিকে নিৰাশাবাদী গ্ৰন্থ কেৱল লগত ৰখাটোৱে অভিযুক্তজনক অপৰাধীত পৰিণত নকৰে।’
লক্ষ্যণীয় যে ৱানিক আটক কৰি ৰখাৰ কাৰণৰূপে জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁক বিভিন্ন বিদেশী বিশ্ববিদ্যালয়ে আলোচনাচক্রলৈ বহুবাৰ আমন্ত্রণ জনোৱাকো দর্শায়। ৱানিক কলম্বিয়া বিশ্ববিদ্যালয়ৰ মধ্যপ্রাচ্য, দক্ষিণ এছিয়া আৰু আফ্রিকান ষ্টাডিজ গ্রেজুৱেট স্টুডেন্টছ কনফাৰেন্সলৈ আৰু ডাবলিন চিটি ইউনিভাৰচিটিৰ অষ্টম বার্ষিক দক্ষিণ এছিয়া সম্মিলনলৈ আমন্ত্রণ জনাইছিল।




































