DemonFlowerThailand: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সূৰ্যৰ পোহৰ নাই, ক্ল’ৰ’ফিল নাই, সেউজীয়া পাতো নাই; তথাপি ভালদৰেই বাচি আছে। প্ৰকৃতিৰ এই অদ্ভুত ৰহস্যৰেই সম্প্ৰতি সন্ধান পো গৈছে থাইলেণ্ডৰ জংঘলত। এদল বিজ্ঞানীয়ে এনে এবিধ নতুন ফুলৰ সন্ধান পাইছে; যাৰ চেহেৰা যিদৰে ৰহস্যময়, জীৱন ধাৰণৰ পদ্ধতিও তেনেদবে অবাক হ’বলগীয়া।
এই ফুল গছৰ নাম ‘থিছমিয়া ডেমনা’। অস্বাভাৱিক গাঢ় ৰং আৰু শিঙৰ দৰে গঠন দেখি বিজ্ঞানীৰ দলে ইয়াৰ উপনাম ৰাখিছে ‘ডেমন ফ্লাৱাৰ’ বা ‘চয়তানৰ ফুল’। থাইলেণ্ডৰ পশ্চিমাঞ্চলৰ থং ফা ফাম ৰাষ্ট্ৰীয় উদ্যানৰ জংঘলত মাটিৰ সমান্তৰালকৈ এই বিৰল উদ্ভিদৰ সন্ধান পোৱা গৈছে।
সাধাৰণতে গছ-গছনিয়ে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই-অক্সাইড ব্যৱহাৰ কৰি সালোকসংশ্লেষৰ মাধ্যমেৰে নিজৰ খাদ্য সৃষ্টি কৰে; কিন্তু থিছমিয়া ডেমনাৰ শৰীৰত ক্ল’ৰ’ফিলেই নাই। ফলত এইবিধ উদ্ভিদৰ বাবে সেই প্রক্রিয়া সম্ভৱ নহয়।
বিজ্ঞানীসকলৰ মতে, এই উদ্ভিদে মাটিৰ তলত থকা ভেঁকুৰৰ স’তে এক বিশেষ ধৰণৰ সম্পৰ্কৰ মাধ্যমেৰে প্ৰয়োজনীয় পুষ্টি সংগ্রহ কৰে। অৰ্থাৎ সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰাৰ পৰিৱৰ্তে এইবিধ ফুলগছৰ জীয়াই থকাৰ ৰহস্য লুকাই আছে মাটিৰ তলৰ ভেঁকুৰৰ জগতত।
এই উদ্ভিদক বিচাৰি পোৱাও সহজ নহয়। থিছমিয়া গোত্ৰৰ উদ্ভিদে সততে জংঘলৰ মাটিত পৰি থকা শুকান গছপাতৰ স্তৰৰ তলত বা তাৰ ওচৰে-পাজৰে থাকে। বছৰৰ অধিকাংশ সময় চকুৰ আঁৰতে অতিবাহিত হয় সিবোৰৰ জীৱন। কেৱল ফুল ফুলিলেহে এই উদ্ভিদৰ উপস্থিতি স্পষ্ট হয়।
থিছমিয়া গোত্ৰৰ উদ্ভিদক প্রায়েই ‘ফেয়াৰী লেন্টার্ণছ’ বুলিও কোৱা হয়। এই গোত্ৰৰ পৰিচিত প্ৰজাতিৰ সংখ্যাও সমগ্ৰ বিশ্বত বৰ বেছি নহয়। বিশ্বত এই পর্যন্ত ৫০টাৰো কম প্ৰজাতিৰ সন্ধান পোৱা গৈছে। থিছমিয়া ডেমনাৰ আৱিষ্কাৰ সেয়ে কেৱল এক অদ্ভুত ফুলৰ সন্ধানেই নহয়, ই এই বিৰল উদ্ভিদ গোষ্ঠীৰ বিস্তাৰ আৰু বিৱৰ্তন সম্পর্কেও বিজ্ঞানীসকলক নতুন তথ্য প্রদান কৰিছে।


































