SleepRaceJapan : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সমগ্ৰ দিনটোৰ ক্লান্তি দূৰ কৰিবলৈ ডুব দিয়া হয় নিদ্রাত। ঘৰ বা অফিচৰ কামত জৰ্জৰিত হৈ বহুতেই হয়তো ভাবে যে সকলো এৰি যদি শুই থাকিব পৰা হ’লে বৰ ভাল হ’লহেঁতেন। অথচ এই নিদ্রাই যদি কোনো প্রতিযোগিতাৰ বিষয় হৈ পৰে, তেতিয়া আৰু পায় কোনে?
এই প্রতিযোগিতাত অংশ লোৱা মানুহে নিশ্চিন্ত মনে নিদ্ৰাত ঢলি পৰিব, ইয়াৰ লগতে লাভকৰিব পাৰে শকত অংকৰ পুৰস্কাৰ। এই পুৰস্কাৰো আকৌ কে’বা লাখ মূল্যৰ।
জাপানত এনে এক অভিনৱ ‘শ্লিপ ৰেচ’ৰ আয়োজন কৰা হৈছে। এই প্রতিযোগিতাত দৌৰ, জাঁপ বা শাৰীৰিক কছৰতৰ পৰিৱৰ্তে প্রতিযোগীসকলৰ কাম হ’ব কেৱল শুই থকা। বিজয়ীৰ পুৰস্কাৰৰূপে ৰখা হৈছে ২২.২ লাখ জাপানী ইয়েন, যি ভাৰতীয় মুদ্রাত আনুমানিক ১২-১৩ লাখ টকাৰ সমান।
এই প্রতিযোগিতাৰ আয়োজক জাপানৰ নামী মেট্রেছ কোম্পানী ‘কোৱালা জাপান’। প্রতিযোগিতাৰ নাম ৰখা হৈছে ‘মেট-ৰেচ বাই কোৱালা’। অক্টোবৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাত দিনে মুঠ তিনিটাকৈ ‘ৰেচ’ হ’ব আৰু প্ৰত্যেক ‘ৰেচ’ত ২০জনকৈ প্ৰতিযোগীয়ে অংশ ল’ব। আবেদনকাৰীৰ সংখ্যা নিৰ্ধাৰিত আসনতকৈ বেছি হ’লে লটাৰীৰ মাধ্যমেৰে প্ৰতিযোগী বাছি লোৱা হ’ব।
প্রতিযোগীসকলে একেৰাহে ৯০ মিনিট সময় শুব লাগিব। কোনে কিমান সোনকালে টোপনি গৈছে আৰু কাৰ টোপনি কিমান গভীৰ, এইবোৰেই হ’ব প্রতিযোগিতাত পৰীক্ষাৰ বিষয়। সেই অনুসৰি পোৱা যাব ‘শ্লিপ স্ক’ৰ’।
অৱশ্যে কেৱল বিছনাত শুই চকু জপাই ৰাখিলেই জয়ী হ’ব বুলি ক’ব নোৱাৰি। এক বিশেষ ‘শ্লিপ মণিটৰিং ইকুইপমেন্ট’ৰ মাধ্যমেৰে প্ৰত্যেক প্রতিযোগীৰ টোপনি পর্যবেক্ষণ কৰা হ’ব। সামগ্রিক মূল্যায়ন চিকিৎসকৰ তত্ত্বাৱধানত হ’ব বুলিও জনাইছে আয়োজকে।
শোৱাৰ আগতে থাকিব তৎকালে নিদ্রা মাতি অনাৰ বাবে ‘শ্লিপ ৱাৰ্মআপ’ৰ ব্যৱস্থা। প্রতিযোগীসকলক বিশেষ ‘শ্লিপ আইটেম’-ও দিয়া হ’ব, যাতে তেওঁলোক গভীৰভাৱে নিদ্ৰাত ঢলি পৰিব পাৰে। সবাতোকৈ মজাৰ বিষয়টো হৈছে যে প্রতিযোগীসকলৰ টোপনি যাতে বৰ সহজ নহয়, তাৰ ব্যৱস্থাও ইয়াত থাকিব।
৯০ মিনিটৰ নিদ্ৰা চলি থকা অৱস্থাত আয়োজকসকলে ইচ্ছাকৃতভাৱে বিভিন্ন ধৰণে বিৰক্তিকৰ পৰিস্থিতি সৃষ্টি কৰিব, যাতে টোপনি বাৰে বাৰে ভাঙি যায়।
অর্থাৎ প্রত্যাহ্বান কেৱল ততালিকে শুই পৰাতে নাই, বৰঞ্চ বাহিৰৰ বাধা সত্ত্বেও নিদ্ৰাৰ মান বজাই ৰাখিব লাগিব।



































