TrafficRules : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ট্রেফিক আইন ভংগ কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে। বাৰে বাৰে ট্রেফিক আইন ভংগ কৰিলে কেৱল জৰিমনা ভৰিলেই দায়িত্ব শেষ নহ’ব; আনকি চালকৰ ড্রাইভিং লাইচেঞ্চ নিলম্বন বা বাতিল পর্যন্ত হ’ব পাৰে।
ছ’চাইটি অব ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছৰ ছছ সংখ্যক বার্ষিক সন্মিলনত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই নতুন ব্যৱস্থাৰ ইংগিত দিয়ে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ড্রাইভিং লাইচেঞ্চ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰৰ ক্ষেত্ৰত গ্রেডেড পইন্ট ছিষ্টেম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে।
প্রস্তাবিত ব্যৱস্থাৰ অধীনত কোনো চালকে ট্রেফিক আইন ভংগ কৰিলে সেই অপৰাধৰ প্ৰভাৱ পোনপটীয়াকৈ তেওঁৰ ড্রাইভিং ৰেকৰ্ডত পৰিব। বাৰে বাৰে আইন ভংগ কৰিলে পইন্ট জমা হোৱাৰ ভিত্তিত লাইচেঞ্চ নিলম্বন বা বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।
ছিগনেল ভংগ কৰা, জেব্রা ক্রছিঙত নিয়ম উলংঘা কৰি বাহন ৰখা আদি ট্রেফিক নিয়ম ভংগৰ ক্ষেত্ৰত এই ব্যৱস্থাই চালকসকলক অধিক সাৱধান হ’বলৈ বাধ্য কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ বিপৰীতে নিয়মিতভাবে ট্রেফিক আইন পালন কৰা আৰু ভাল ড্রাইভিং ৰেকৰ্ড থকা চালকসকলক পুৰস্কৃত কৰাৰ ব্যৱস্থাও প্রস্তাবিত পইন্ট ছিষ্টেমত থাকিব পাৰে।
অৱশ্যে এই মুহূর্তত এয়া পৰিকল্পনা আৰু প্ৰস্তাৱৰ পর্যায়তে আছে। নতুন ব্যৱস্থাটো কেতিয়াৰ পৰা আৰু কেনেদৰে কাৰ্যকৰী কৰা হ’ব, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক নির্দিষ্ট তথ্য প্রকাশ পোৱাৰ পাছতহে ইয়াৰ সম্পূর্ণ ৰূপ স্পষ্ট হ’ব।






























