Guripur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ ৰাজ্য কপাই যোৱা বেলতলা বশিষ্ঠপুৰৰ নিজ ফেল্টত পত্নীক নৃশংসভাৱে হত্যা কৰি আৰক্ষীও ওচৰত আত্মসমৰ্পণ কৰা পত্নীহন্তা ৰামানুজৰ গোস্বামীৰ আজি পুৱতি নিশা এক দুৰ্ঘটনাত প্ৰাণ গ’ল নৰকাসুৰ পাহাৰত ৷ আৰক্ষীৰ জিন্মাত ৭ দিন উকলি যোৱাৰ পিছত আজি পুৱতি নিশা ৩ বজাত ৰামানুজক স্বাস্থ্য পৰীক্ষা কৰিবলৈ নি থকা পথত আৰক্ষীৰ কবলৰ পলাবলৈ জপিয়াই এটা খাৱৈত পৰে ৷ পিছত মুৰ্মুষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়া হয় যদিও আৰক্ষীয়ে মৃত ঘোষণা কৰে। আনহাতে আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ অন্তত জিএমচিএইছ ৰখাৰ ব্যৱস্থা কৰিছে ৷
আনহাতে ৰামানুজৰ গোস্বামীৰ আজি পুৱতি নিশা এক দুৰ্ঘটনাত প্ৰাণ যোৱাৰ খবৰ গৌৰীপুৰ আৰক্ষীয়ে তেওঁ পিতৃক গৌৰীপুৰৰ বাসগৃহত দিব গৈছিল যদিও তেওঁ বাসগৃহৰ দুৱাৰ খলি নিদি বৰং সংবাদ মাধ্যমৰ সন্মুখত মৃতদেহ চমজি নোলোৱাৰ কথা কয় ৷
অৱশ্যে পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত দুৰ্ভগীয়া পিতৃ গৰাকীয়ে কয়,ৰামানুজৰ নম্বৰদেহ মই চমজি ল’ম ৷ তাৰ গাঁত গুলীৰ চিন আছে নে নাই তন্ন তন্নকৈ চাম ৷ আত্মসমর্পন কৰা ল’ৰাটোৱে গাড়ীৰ পৰা জাঁপ দিব বুলি মই নাভাবোঁ ৷ আনহাতে মাকে কান্দি আছে গৰ্ভত জন্ম দিয়া সন্তান হেৰুওৱাৰ দুখত ৷ মই ৰাইজ আৰু আদালতৰ উপস্থিতিত পুত্ৰৰ নিথৰ দেহ চমজি লৈ গৌৰীপুৰ শ্মশানত ধাৰ্মিক ৰীতিনীতি অনুসৰি শেষ কৃত্য সম্পন্ন কৰিম ৷
উল্লেখ্য যে ৰামানুজৰ মৃত্যুৰ খবৰ আজি পুৱাতে পিতৃয়ে লাভ কাৰ সময়ত বাসগৃহত অনুষ্ঠিত হৈছিল বোৱাৰী ৰিয়া তালুকদাৰৰ আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠান ৷ কিন্ত আদ্যশ্ৰাদ্ধৰ সম্পূৰ্ণ নৌহওঁতেই পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি ৰামানুজৰ পিতৃয়ে পুত্ৰৰ মৃতদেহ চমজি নোলোৱাৰ কথা সদৰী কৰিছিল ৷ পুত্ৰ ৰামানুজ আৰু বোৱাৰী ৰিয়া তালুকদাৰক বৰ ভাল আৰু অমায়িক আছিল ৷ কিন্ত আজি দুয়ো নোহোৱা হৈ গ’ল ৷ ৰামানুজৰ মৃত্যুত মাকে কান্দি আছে গৰ্ভত জন্ম দিয়া সন্তান হেৰুওৱাৰ দুখত ৷ADVERTISEMENT































