Heroin and Yaba Teblet Seized in Cachar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। দেওবাৰে জিলাখনত দুটা পৃথক অভিযানত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন আৰু ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক।
শিলচৰ থানাৰ অন্তৰ্গত ৰামনগৰ বাইপাছ এলেকাৰ সাংগাই হোটেলৰ সমীপত প্ৰথমটো অভিযান। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত AS-01-NC-8893 নম্বৰৰ এখন ট্ৰাক জব্দ কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়ত গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা ১৫০টা চাবোনৰ কেচত ৰখা প্ৰায় ২.২ কেজি সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়।এই ঘটনাত আব্দুল ৰহিম লস্কৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। কাছাৰ জিলাৰ ধলাই থানাৰ অন্তৰ্গত লাইলাপুৰৰ ফ্ৰেঞ্চ নগৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি মিজোৰামৰ চম্পাই জিলাৰ পৰা আহিছিল ট্ৰাকখন।
আনহাতে, একেদিনাই কাছাৰ আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত গুমৰা বজাৰত অভিযান চলায়। তাৰ পৰাই গ্ৰেপ্তাৰ হয় জয়ৰুল ইছলাম (২৩) নামৰ এজন যুৱকক। তেওঁৰ পৰা ৰঙ কঢ়িয়াই নিয়া বেগত থকা ১০ হাজাৰ সন্দেহযুক্ত ইয়াবা টেবলেট উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা ইয়াবাৰ ওজন আছিল প্ৰায় ১.৩০৯ কিলোগ্ৰাম।
আৰক্ষীয়ে জনোৱা মতে, জয়ৰুল ইছলাম কালাইন থানাৰ অন্তৰ্গত ভৈৰৱপুৰ পাৰ্ট-১ এলেকাৰ বাসিন্দা। দুয়োটা অভিযানতে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত অন্যান্য সম্পৰ্কৰ বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰিছে।
ADVERTISEMENT
































