Jorhat Red Court Building:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কালিলৈকে যিটো চৌহদত পুৱাৰে পৰা সন্ধিয়ালৈ মানুহৰ ব্যস্ততা, যানবাহনৰ আহ-যাহ আৰু বিভিন্ন কামত অহা-যোৱা কৰা লোকৰ ভিৰে মুখৰ কৰি ৰাখিছিল, আজি সেই ঐতিহ্যমণ্ডিত চৌহদটোৱে যেন হঠাৎ নীৰৱ হৈ পৰিল। আজি প্ৰথমবাৰৰ বাবে ৰঙা কোর্ট বিল্ডিঙৰ চৌহদত অনুভব হ’ল এক অচিনাকি শূন্যতা। কালি যোৰহাটৰ ঐতিহাসিক কোর্ট বিল্ডিঙৰ পৰা চিনামৰালৈ জিলা আয়ুক্তৰ কার্যালয় স্থানান্তৰ কৰা হয়।
নতুন ভৱনত ৰাজ্যৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে কার্যালয়টো উদ্বোধন কৰাৰ পাছত আজি আৰম্ভ হয় নতুন স্থানত প্ৰথমটো কৰ্মদিন। তাৰ বিপৰীতে, বছৰ বছৰ ধৰি যোৰহাটৰ প্ৰশাসনিক জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ থকা ৰঙা কোর্ট বিল্ডিং আজি পৰিল উকা। এয়া কেবল এটা কার্যালয় স্থানান্তৰৰ দৃশ্য নহয়।
ৰঙা কোর্ট বিল্ডিঙৰ স’তে যোৰহাটবাসীৰ বহু পুৰণি স্মৃতি, অনুভৱ আৰু এক ঐতিহাসিক পৰিচয় জড়িত হৈ আছে। জিলাখনৰ কেন্দ্রবিন্দুত অৱস্থিত এই চৌহদটো কেবল চৰকাৰী কাৰ্যালয়ৰ ঠিকনা নাছিল, যোৰহাটৰ নগৰীয়া জীৱনবোৰ ই আছিল এক গুৰুত্বপূর্ণ অংশ। আজি ৰঙা কোৰ্টৰ কৰিড’ৰবোৰ যেন নিমাত। সদায় ব্যক্ত হৈ থকা কাৰ্যালয়ৰ কোঠাবোৰতো নাই আগৰ সেই ব্যস্ততা। কালি পর্যন্তষ’ত মানুহৰ খোজৰ শব্দ শুনা গৈছিল, আজি তাত কেৱল নীৰৱতা। এই প্রভাব কেৱল কোর্ট বিল্ডিঙৰ চৌহদতে সীমাবদ্ধ নহয়। ৰুৱা চাৰিআলি, এ টি ৰোড, বৰপাত্ৰ আলি আদিতো পৰিলে আজি আগৰ তুলনাত জনসমাগম যথেষ্ট সেৰেঙা।
বহু বছৰ ধৰি এই অঞ্চলটোৰ ব্যৱসায়-বাণিজ্য আৰু দৈনন্দিন জীৱনৰ স’তে প্রশাসনিককার্যালয়টোৰ উপস্থিতি ওতঃপ্রেতভাবে জড়িত হৈ আছিল। আক্ষেপ এটাই- এই ব্যস্ত, জীৱন্ত চৌহদটো এদিন এনেদৰে বেলেগ ঠাইলৈ স্থানান্তৰিত হ’ব, সেয়া হয়তো কোনেও কেতিয়াও ভাবিব পৰা নাছিল। বিশেষকৈ সাধাৰণ বাইজৰ বাবে এটা গুৰুত্বপূর্ণ ‘Public Facing প্ৰতিষ্ঠান নগৰৰ কেন্দ্ৰস্থলৰ পৰা আঁতৰাই নিয়া মানে বহু লোকৰ বাবে নতুন অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। উন্নয়ন আৰু আধুনিকীকৰণৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু এনে সিদ্ধান্তৰ সময়ত ৰাইজৰ সুবিধা-অসুবিধা, ঐতিহাসিক মূল্য আৰু স্থানীয় অনুভূতিকো সমান গুৰুত্ব দিয়া উচিত আছিল।
আজি ৰঙা কোর্ট শূন্য I কিন্তু এই শূন্যতা কেৱল এটা খালী হৈ পৰা ভৱনৰ নহয় ই যেন যোৰহাটৰ এটা চিনাকি অধ্যায়ৰ নীৰৱ সমাপ্তিৰ ছবি। আজি ব্যস্ততা নাই, নাই ভিৰ। আছে কেৱল স্মৃতি আৰু অসংখ্য প্রশ্ন। ৰঙা কোর্ট আজি নীৰৱ, কিন্তু এই নীৰৱতাই যেন বহু কথাই কৈ গ’ল।
ADVERTISEMENT































