Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্রার্থী দেৱাশীষ শৰ্মাই নগাঁও জিলা আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পূর্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলি কৰাৰ তথ্য পোহৰলৈ আহিছে। চাকৰিত যোগ দিয়ে শৰ্মাই বছৰ বছৰ ধৰি একে স্থানত কার্য সম্পাদন কৰা জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত ১৪৬ জন লাট মণ্ডলক বদলি কৰি চমক সৃষ্টিৰ চেষ্টা কৰিছিল।
এই একেজন আয়ুক্তই সমাগত উপ-নিৰ্বাচনৰ প্রাফ্লুহূর্তত একেদিনাই ১১ জন মণ্ডলক পুনৰ পূৰ্বৰ স্থানতে বদলি কৰাক লৈ ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, প্ৰাক্তন জিলা আয়ুক্ত শর্মাই স্বেচ্ছামূলক অৱসৰ লোৱাৰ দিনাই এনআৰকে ২৮/ ২০২৬/১৯ (এ) নম্বৰৰ এক জৰুৰী নিৰ্দেশ মর্মে ১১ জনকৈ লাট মণ্ডলক পুনৰ বদলি কৰি পূৰ্বে কাৰ্য সম্পাদন কৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সংস্থাপন কৰে।
সেই অনুসৰি, নগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত এমদাদুল হকক ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জয়নাল আবদিনক ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মুনিন্দ্ৰ বৰুৱাক নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত গোবিন্দ মোহনক নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, মুমিন মুক্তিয়াক ৰহাৰ পৰা ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, চতিন্দ্ৰ ধৰক ৰহাৰ পৰা ৰূপহীলৈ, হিতেশ্বৰ বসুমতাৰীক ৰহাৰ পৰা ধিঙলৈ, কুঞ্জ হীৰাক ৰহাৰ পৰা চামগুৰিলৈ, বিনোদ দাসক কলিয়াবৰৰ পৰা ৰহালৈ, অৰুণ জ্যোতি দেউৰীক কলিয়াবৰৰ পৰা ৰহালৈ আৰু কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আব্দুল খালকক পুনৰ ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বদলি কৰা হয়।
অভিযোগ অনুসৰি, এই সকল লাট মণ্ডলক কিছুদিন পূৰ্বে বদলি কৰা হৈছিল যদিও পুনৰ পূৰ্বৰ স্থানলৈ ৰহস্যজনক কাৰণত ঘূৰাই অনা হয়। নিজেই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হোৱা শৰ্মাই অৱসৰৰ দিনাই এইদৰে ১১ জনকৈ লাট মণ্ডলক বদলি কৰাৰ আঁৰত কিবা ৰাজনৈতিক স্বার্থ নিহিত হৈ আছে নেকি বুলি প্রশ্ন উত্থাপিত হৈছে।
লক্ষ্যণীয়ভাৱে বদলিৰ নিৰ্দেশনাত জিলা আয়ুক্তজনে তিনি ছেপ্টেম্বৰত স্বাক্ষৰ কৰিছিল যদিও এই নির্দেশনা যোৱা ন ছেপ্টেম্বৰতহে ৰাজহুৱা কৰা হয়। ইতিমধ্যে এই সন্দৰ্ভত প্রাক্তন মন্ত্ৰী তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰে। হুছেইনে এই বদলিৰ আঁৰত যে শৰ্মাৰ ৰাজনৈতিক স্বার্থ আছে, সেই কথা নিশ্চিত বুলি কয়।
ADVERTISEMENT































