Nagaon Theft:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বুধবাৰে নগাঁও লোকসভা উপ- নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ বিভিন্ন দলৰ সমৰ্থকৰে ভীৰ কৰিছেহি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত ৷ ইয়াৰ মাজতে মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি হয় এআইইউডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ ৷ আজমল ম’বাইল চুৰি হয় ভীৰৰ মাজত৷ভিৰৰ সুযোগ বুজি এআইইউডিএফৰ প্রার্থী গৰাকীৰ ব্যক্তিগত সহায়কৰ হাতৰ পৰা। কে’বা লাখটকীয়া iPhone ম’বাইল লৈ উধাও হ’ল চো ৰ৷ ইতিমধ্যে এই সন্দৰ্ভত এআইইউ ডিএফৰ মুৰব্বী গৰাকীৰ ব্যক্তিগত সহায়কে আৰক্ষীক অৱগত কৰিছে ৷
আনহাতে বিভিন্ন দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ নিউজ কভাৰেজ কৰি থকা অৱস্থাত এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ ভিডিঅ ‘জাৰ্ণেলিষ্ট এজনৰ ম’বাইলো চোৰ কৰি নিয়ে চোৰে ৷
ADVERTISEMENT































