Ex. Army Arrested:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শিৱসাগৰ জিলাৰ ডিমৌৰ বকুলডোবাত বন্দুকসহ আটক এজন প্রাক্তন সেনা জোৱান ৷ বিবাহ বিচ্ছেদৰ গোচৰ চলি থকা পত্নীৰ মাতৃগৃহলৈ গৈ প্রাক্তন সেনা জোৱান মহান্তি চাংমাইয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীক দিছিল পত্নীয়ে৷ এই অভিযোগৰ ভিত্তিতে ডিমৌ আৰক্ষীয়ে বন্দুকসহ আটক কৰে চাংমাইক ৷ উল্লেখ্য যে চলিত বৰ্ষৰ জুলাইত সেনা বাহিনীৰ পৰা অৱসৰ লৈছিল মহান্তি চাংমাইয়ে ৷
ADVERTISEMENT































